Bhupesh Baghel : চত্তীশগঢ়ৰ মুখ্যমন্ত্ৰীক লখনৌ বিমানবন্দৰত বাধা প্ৰদান

bhupesh baghel 1633422015

চত্তীশগঢ়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক আজি লখনৌ বিমানবন্দৰত বাধা প্ৰদান কৰা হয় । কাৰণ, বন্দৰৰ পৰা ১৩০ কিলোমিটাৰ দূৰত উত্তৰপ্ৰদেশৰ লখিমপুৰ জিলাত দেওবাৰে মৃত্যু হোৱা আঠজনৰ বিৰুদ্ধে ব্যাপক বিক্ষোভ আৰম্ভ হৈছে । সেয়ে তেওঁ বিমানবন্দৰৰ বাহিৰতে প্ৰতিবাদ আৰম্ভ কৰে ।

মুখ্যমন্ত্ৰী বাঘেলে কয় যে, তেওঁ কালিৰ পৰা সীতাপুৰ আৰক্ষীৰ জিম্মাত থকা প্ৰিয়ংকা গান্ধী ভদ্ৰাক লগ কৰিব বিচাৰিছে । দেওবাৰৰ সংঘৰ্ষত আহত হোৱা সকলক দেখা কৰিবলৈ যোৱাৰ পথতে ‘অবৈধভাৱে’ গ্ৰেপ্তাৰ কৰি উত্তৰপ্ৰদেশ চৰকাৰে তেওঁক ‘অনিৰ্দিষ্টকালৰ বাবে’ জিম্মাত ৰাখিছে বুলি কয় প্ৰিয়ংকা ভদ্ৰাই ।

মুখ্যমন্ত্ৰী বাঘেলে কয়, ‘ম‌ই সীতাপুৰত প্ৰিয়ংকা গান্ধীক লগ কৰিবৰ বাবে লখনৌ আহিছিলো । কিন্তু মোক বিমানবন্দৰত বাধা দিয়া হয় ।’

https://twitter.com/bhupeshbaghel/status/1445299824799064064?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1445299824799064064%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.ndtv.com%2Findia-news%2Fchhattisgarh-chief-minister-bhupesh-baghel-tweets-video-of-being-stopped-from-leaving-lucknow-airport-says-i-am-not-going-to-lakhimpur-2564397

মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি লিখে, ‘কোনো নিৰ্দেশ অবিহনে, মোক লখনৌ বিমানবন্দৰৰ বাহিৰত বাধা দিয়া হৈছে ।’

মুখ্যমন্ত্ৰী বাঘেলে এটা এক মিনিটৰ ভিডিঅ’ও প্ৰকাশ কৰিছে । ভিডিঅ’টোত তেওঁ প্ৰশ্ন কৰে, “১৪৪ ধাৰা লখিমপুৰত আছে । ম‌ই লখিমপুৰটো যোৱা নাই । অসুবিধা কি ?”

Exit mobile version