BTC : শালবাৰীত হস্ততাঁত, বস্ত্ৰশিল্পৰ অধীক্ষকৰ কাৰ্যালয় পৰিদৰ্শন বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীৰ

ইউপিপিএলত শতাধিক যোগদান

WhatsApp Image 2021 10 05 at 7.22.26 PM

বিটিচিৰ শালবাৰীস্থিত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত আজি উপস্থিত হয় বিটিচিৰ হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী । কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে শালবাৰীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ কাৰ্যালয়টোৰ আন্তঃগাথঁনিৰ লগতে ভিন্ন দিশৰ পৰিদৰ্শণ কৰে । লগতে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ জৰিয়তে বৃহত্তৰ শালবাৰী মহকুমাত কিদৰে চৰকাৰী আঁচনি প্ৰৱৰ্তনেৰে জনজীৱনৰ অৰ্থনীতি সৱলীকৰণ কৰিব পাৰি তাৰ ওপৰত শালবাৰীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ লগতে অন্যান্য বিষয়া-কৰ্মচাৰীৰ স’তে মতবিনিময় কৰে ।

কাৰ্যবাহী সদস্য বসুমতাৰীয়ে শালবাৰীৰ হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ, বোৱা-কটা সমিতিবোৰো পৰিদৰ্শন কৰে । বিটিচিৰ জনজীৱনৰ অৰ্থনীতি সৱলীকৰণৰ উদ্দেশ্যে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ জৰিয়তে বিশেষ আঁচনি গ্ৰহণ কৰাৰ বিষয়েও উল্লেখ কৰে । হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ আঁচনি পৰিদৰ্শনত ধনঞ্জয় বসুমতাৰীৰ লগতে বিটিচিৰ শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীও উপস্থিত থাকে ।

শালবাৰীত শতাধিকৰ ইউপিপিএলত যোগদান

বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে আজি শালবাৰীৰ বুনমাজা ভিচিডিচিৰ অন্তৰ্গত কুছিয়াখান্দাত অনুষ্ঠিত ইউপিপিএলৰ এখন দলীয় সভাতো অংশগ্ৰহণ কৰে । ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সভাপতি বিকণ গয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ধনঞ্জয় বসুমতাৰীৰ উপস্থিতিত বুনমাজা ভিচিডিচি অঞ্চলৰ ১২৫ গৰাকী বিপিএফ, জিএছপি আৰু চিপিআইএম দলৰ কৰ্মী-সমৰ্থকে ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

সভাত ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ মহিলা কোষৰ সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰী, দলৰ শালবাৰী জিলা সমিতিৰ উপ সভাপতিদ্বয় বিনোদ মুছাহাৰী, সুৰেশ সৰকাৰ, সাধাৰণ সম্পাদক প্ৰদীপ সৰকাৰ, সম্পাদক সত্যজিৎ বড়োকে ধৰি কে’বাগৰাকীও দলীয় নেতা-নেত্ৰী অতিথিৰূপে উপস্থিত থাকে ।

Exit mobile version