PMKSY : অস্তিত্বহীন ‘কৃষক’ সন্ধানহীন ঘোষণা হ’ব

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ হিতাধিকাৰীৰ অৱস্থিতি নিৰ্ণয়ৰ বাবে পুনৰীক্ষণ

indian farmer

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনা (পি এম কে এছ ৱাই) আঁচনিত পুনৰ ওলাইছে ঠিকনা তথা অস্তিত্বহীন অধিকাৰীৰ তথ্য । ক’ভিডৰ তলাবন্ধৰ সময়ত ক্ষতিগ্ৰস্ত কৃষকক বছৰত ছহেজাৰ টকাকৈ আগবঢ়োৱা আঁচনিখনক লৈ অসমত ইতিমধ্যে বৃহৎ কেলেংকাৰি সংঘটিত হৈছে । বিভিন্ন পক্ষৰ অভিযোগৰ ভিত্তিত কৃষি বিভাগৰ পৰা চলোৱা অনুসন্ধানত অসমত ৯.৩৯ লাখতকৈও অধিক ভুৱা কৃষক হিতাধিকাৰীৰ তালিকাত সন্নিৱিষ্ট হোৱাটো পোহৰলৈ আহিছে ।

সেই তালিকাৰে পুনৰ পৰীক্ষণ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলা প্ৰশাসনসমূহে অব্যাহত ৰাখিছে । এই পুনৰীক্ষণতে ঠিকনাবিহীন হেজাৰ হেজাৰ হিতাধিকাৰীৰ নাম আকৌ এবাৰ পোহৰলৈ আহিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত জিলাবোৰে প্ৰতিজন আবেদনকাৰীকে নিজৰ অস্তিত্ব প্ৰয়োজনীয় তথ্যসহ প্ৰমাণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । ইয়াৰ বাবে অহা ১৫ অক্টোবৰ অন্তিম সময়সীমা ধাৰ্য কৰি দিয়া হৈছে । যিসকল আবেদনকাৰীয়ে প্ৰয়োজনীয় নথি জমা দিব নোৱাৰিব তেওঁলোকক সন্ধানহীন ঘোষণা কৰা হ’ব ।

এই সন্দৰ্ভত কে’বাখনো জিলাৰ পুনৰীক্ষণৰ দায়িত্বপ্ৰাপ্ত বিষয়াৰ সূত্ৰ‌ই জনায় যে প্ৰতিখন জিলাতে আঁচনিখনৰ অধীনত বৃহৎ সংখ্যক হিতাধিকাৰীৰ নাম সন্নিবিষ্ট হৈছে । তেওঁলোকে প্ৰত্যেকৰে নথিপত্ৰ আৰু অৱস্থিতি পুনৰীক্ষণৰ প্ৰক্ৰিয়া অব্যাহত আছে । সেই পৰীক্ষণত দেখা গৈছে যে অলেখ হিতাধিকাৰীৰ নাম তেওঁলোকে দাখিল কৰা ঠিকনাত বিচাৰি পোৱা নাই । এই সংখ্যা কিমান সেয়া এই পৰ্যন্ত সঠিকভাৱে নিৰ্ণয় নহ’লেও লাখ লাখ হোৱাৰ সম্ভাৱনা আছে । সেয়েহে ঠিকনাত বিচাৰি নোপোৱা সকলক নিৰ্দিষ্ট প্ৰ-পত্ৰ আবেদন কৰি নিজৰ যোগ্যতা তথা অস্তিত্ব সাব্যস্ত কৰিবলৈ কোৱা হৈছে ।

ইয়াৰ উপৰি সূত্ৰটোৱে কয় যে,যিসকল প্ৰকৃত হিতাধিকাৰীয়ে ইতিমধ্যে এটা বা ততোধিক কিস্তিৰ ধন লাভ কৰিছে সেইসকলেও প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰিব লাগিব । কাৰণ তেনে ধন লাভ কৰা বহুতৰে অস্তিত্ব বাস্তৱত নাই । আবেদনকাৰীৰ তালিকাত এটাও কিস্তি লাভ নকৰা হিতাধিকাৰীও আছে । তেওঁলোকেও অনুৰূপ ধৰণে নথি-পত্ৰ দাখিল কৰিব পাৰিব । উল্লেখ্য যে নথিৰ লগত সকলোৰে পৰা আধাৰ কাৰ্ড, ভোটাৰ পৰিচয়পত্ৰ, ফটো, মাটিৰ জমাবন্দি, বেংক পাছবুকৰ ফটোকপি আদি বিচাৰা হৈছে ।

উল্লেখ্য যে এই আঁচনিখন ৰূপায়ণৰ সময়ত অসমৰ ৩৩ খন জিলাৰ ভিতৰত বৰপেটা, কামৰূপ আৰু বাগ্‌সাত সৰ্বাধিক অনিয়ম সংঘটিত হোৱাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে । বৰপেটাত ১.৫১ লাখ, কামৰূপত ৮৫.৭১ হেজাৰ আৰু বাগ্‌সাত ৫৩.৫৩ হেজাৰ ভুৱা কৃষকৰ তথ্য উদ্ধাৰ হৈছে । এইসকলক বাদ দি কৃষি বিভাগে যিসকলক প্ৰকৃত আৰু সাহায্য লাভৰ বাবে উপযুক্ত কৃষক বুলি পৰীক্ষণ পৰ্যায়ত চিনাক্ত কৰিছে সেইসকলৰ মাজতো ভুৱা কৃষক থকাৰ সম্ভাৱনা বৃদ্ধি হৈছে । তেনে কৃষকৰ অস্তিত্ব সদ্যহতে চলি থকা পুনৰীক্ষণ প্ৰক্ৰিয়াত পোহৰলৈ অহা বুলি সূত্ৰটোৱে উল্লেখ কৰে ।

Exit mobile version