Saif Ali Khan:
চৈইফে আলী খানৰ আক্ৰমণত স্তম্ভিত হৈ পৰে মুম্বাই। আক্ৰমণৰ তিনিদিন পাছতে আৰক্ষীৰ জালত আবদ্ধ হয় মূল অভিযুক্ত। যোৱা কিছুদিনৰ পৰা পুনৰ কাম আৰম্ভ কৰিছে চৈইফে। প্ৰশ্ন উত্থাপিত হৈছে নিৰাপত্তাৰ স্বাৰ্থত এতিয়া কি কথা মনত ৰাখিছে চৈইফে? শেহতীয়াকৈ চৈইফে সেই নিশাৰ ঘটনাৰ বিষয়ে মুকলিকৈ ক’লে। অভিনেতাজনে ঘৰত আগ্নেয়াস্ত্ৰ ৰাখিব নে নাই সেই বিষয়েও জনাইছে ।
এটা সময়ত বন্দুক ৰাখিছিল চৈইফে । কিন্তু সন্তানসকলৰ সুৰক্ষাৰ বাবে পাছত ৰখা নাছিল । তেওঁ কয়,”মোৰ নিজৰে এটা বন্দুক আছিল । সৌভাগ্যবশতঃ, সেই সময়ত মোৰ বন্দুক নাছিল । এতিয়া আৰু বন্দুক ৰখাটো বিশ্বাস নকৰো। ভাবিছিলো , বন্দুক দেখিলেই ল’ৰা ছোৱালীবোৰে স্পৰ্শ কৰিব। তেতিয়া আকৌ আন এটা সমস্যাৰ সৃষ্টি হ’ব।এতিয়া মানুহে মোক কৈছে যে মই সুৰক্ষাৰ বাবে বন্দুক লৈ শুব লাগে। “
উল্লেখ্য যে , চৈইফে ভৱিষ্যতে তেওঁৰ লগত আগ্নেয়াস্ত্ৰ ৰাখিব নেকি? তেওঁ কয়,”মই নাভাবো যে মই মোৰ লগত আগ্নেয়াস্ত্ৰ ৰাখিম। মোৰ জীৱনশৈলীত কোনো পৰিৱৰ্তন নহ’ব। মই নাভাবো যে মোৰ কোনো বিপদাশংকা আছে। এইটো কেৱল এটা ডকাইতিৰ ঘটনা আছিল। সেই দৰিদ্ৰ ব্যক্তিজনৰ (অভিযুক্ত শ্বৰীফুল ইছলাম) জীৱন মোৰ বাবে ধ্বংস হৈ গ’ল। ”






























