Indian Army : চীনক প্ৰত্যাহ্বান দিবলৈ প্ৰস্তুত ভাৰতীয় বায়ুসেনা

AF3 Rafale

পাকিস্তান আৰু চীন, এই দুই প্রতিবেশীৰ প্ৰতি লক্ষ্য ৰাখি বায়ুসেনাত প্ৰায় ৪২ স্কোয়াড্রন বিমান থকা প্রয়োজন বুলি কয় সামৰিক বিশেষজ্ঞেসকলে । কিন্তু আগন্তুক এক দশকত ভাৰতৰ হাতত ৩৫ স্কোয়াড্রনতকৈ অধিক বিমান নাথাকে বুলি জনায় সদ্য দায়িত্বপ্রাপ্ত বায়ুসেনা প্রধান এয়াৰ চিফ মার্ছেল বিবেক ৰাম চৌধুৰীয়ে । লগতে তেওঁৰ দাবী, “চীনৰ বিমানবাহিনীয়ে সীমান্তৱর্তী অঞ্চলত তৎপৰতা বঢ়ালেও তেওঁলোকক প্ৰত্যাহ্বান দিবলৈ প্রস্তুত বায়ুসেনা ।”

বায়ুসেনা প্রধানৰ মতে, বয়সৰ বাবে এতিয়া মিগ-২১ আৰু মিগ-২৯ক জাগুৱাৰ আৰু মিৰাজত থ’ব লাগিব । এইবোৰৰ পৰিৱর্তে ভাৰতত নিৰ্মিত ৮৩খন পাতল যুদ্ধবিমান তেজছ আৰু ১১৪খন বিদেশী যুদ্ধবিমান যোগ দিব বায়ুসেনাত । হিন্দুস্তান এৰ’নটিক্স (হেল)ৰ পৰা ছখন পাতল হেলিকপ্টাৰো পোৱা যাব । এই সকলোবোৰ মিলাই অনাগত সময়ত বায়ুসেনাৰ হাতত ৩৫ স্কোয়াড্রন থাকিব ।

চীনক প্ৰত্যাহ্বান দিয়ার সন্দৰ্ভত চৌধুৰীয়ে কয়, “সম্প্রতি ৰাফেল বিমান আৰু এপাচত হেলিকপ্টাৰৰ অন্তর্ভুক্তিত বায়ুসেনাৰ আক্ৰমণ কৰাৰ শক্তি বহুগুণে বাঢ়িছে ।” ইয়াৰ উপৰি, চলিত বৰ্ষতেই সীমান্ত অঞ্চলত ৰাছিয়াৰ পৰা কিনা ভূমিৰ পৰা আকাশ এছ-৪০০ ক্ষেপণাস্ত্র প্রতিৰোধ ব্যৱস্থা স্থাপন কৰা হ’ব বুলি জনায় বায়ুসেনা প্রধানজনে ।

চীনে সম্প্রতি লাদাখ সীমান্তৱর্তী অঞ্চলত সেনা সমাৱেশ বঢ়োৱা আৰম্ভ কৰিছে বুলি দাবী কৰিছিল সেনাপ্রধান মনোজ মুকুন্দ নৰবণে । স্থলসেনাৰ মাধ্যমতেই তিব্বত মালভূমি অঞ্চলত থকা পুৰণি বায়ুসেনা ঘাটিবোৰক চীনে নতুনকৈ সক্রিয় কৰি তুলিছে আৰু বিমান মোতায়েন আৰম্ভ কৰিছে বুলি আজি দাবী কৰে বায়ু সেনাপ্রধানজনে । তেওঁ কয়, “চীনে প্রকৃত নিয়ন্ত্রণ ৰেখাৰ আশে-পাশে তিনটা বায়ুসেনা ঘাটিত বিমান মোতায়েন কৰিছে । তদুপৰি বিতর্কিত লিপুলেখ ট্রাই-জংচনৰ পৰা মাত্র ২০ কিলোমিটাৰ দূৰত্বত বুৰাংগ এয়াৰ স্থাপন কৰিও গতিবিধি বঢ়াইছে চীনে ।”

বায়ুসেনাৰ মতে, সীমান্তত চীনৰ বায়ুসেনাই গতিবিধি বাঢ়ালেও, উচ্চতাৰ ফলত সেই দেশৰ বায়ুসেনাৰ বাবে ভাৰতৰ দিশে আক্ৰমণ কৰা বহু কঠিন । ইয়াৰ তুলনাত ভাৰতীয় বিমানঘাটিবোৰ কম উচ্চতাত থকাত অধিক সুবিধাজনক অৱস্থানত আছে ।
বিগত এবছৰত পশ্চিম সীমান্তৰে ভাৰতত অস্ত্র, বোমাৰ লগতে সম্প্রতি জম্মু বিমানবন্দৰত ড্র’ন আক্ৰমণো হৈছে । যিয়ে দিল্লীৰ উদ্বেগ বৃদ্ধি কৰিছে । বায়ুসেনা প্রধানে আজি এই বিষয়ত কয়, “আমি শত্রু-ড্র’ন ধ্বংস কৰিবলৈ মূলত দেশীয় প্রযুক্তি উদ্ভাৱনৰ ওপৰত জোৰ দিছো ।”

স্থল-জল-বিমান বাহিনীক অভিন্ন কমাণ্ডৰ অধীনত অনাক লৈ দীর্ঘদিন ধৰি বিতর্ক চলি আছে । এই সম্পৰ্কে চৌধুৰীয়ে কয়, “প্রত্যেক বাহিনীকে অন্য বাহিনীৰ প্ৰয়োজন হয় । বায়ুসেনাই তাৰ বক্তব্য চৰকাৰক জনাইছে ।”

Exit mobile version