Lakhimpur Clash : লখিমপুৰ-কাণ্ডত তদন্ত কমিচন গঠন, নেতৃত্বত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ

56766134 25ad 11ec 97ad def1feb12b09 1633513352778 1633513374469

উত্তৰপ্রদেশৰ লখিমপুৰ খেৰিৰ সংঘর্ষত আঠজনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে তদন্ত কমিচন গঠন কৰিলে যোগী আদিত্যনাথ চৰকাৰে । এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশক কমিচনৰ প্রধানৰ দায়িত্ব দিয়া হৈছে ।

প্রশাসনৰ তৰফৰ পৰা জনোৱা হৈছে, প্রাক্তন ন্যায়াধীশ প্রদীপ কুমাৰ শ্রীবাস্তৱৰ নেতৃত্বত কাম কৰিব এই তদন্ত কমিচনে । তদন্তৰ পাছত এটা প্ৰতিবেদন জমা দিব তেওঁলোকে । সেই প্ৰতিবেদন অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিব প্রশাসনে । এই ঘটনাত কোনো দোষী প্রমাণিত হ’লে কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি জনাইছে উত্তৰপ্রদেশ চৰকাৰে ।

দেওবাৰে কেন্দ্রীয় গৃহ প্রতিমন্ত্রী অজয় মিশ্রৰ পুত্ৰ আশিস মিশ্রৰ গাড়ীৰ খুন্দাত লখিমপুৰত চাৰি কৃষকৰ মৃত্যুৰ অভিযোগক লৈ উত্তাল উত্তৰপ্রদেশসহ সমগ্ৰ দেশৰ ৰাজনীতি । ঘটনাৰ তদন্তক লৈ ইতিমধ্যে একাধিক প্রশ্ন উত্থাপন হৈছে । আৰক্ষীৰ তৰফৰ পৰা জনোৱা হৈছে, গাড়ীৰ খুন্দাৰ বিষয়টো তদন্ত কৰা হৈছে । এই পর্যন্ত ১৩ জনৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হৈছে । তেনে সময়তে লখিমপুৰ-কাণ্ডত স্বতঃপ্রোত গোচৰ দাখিল কৰা হৈছে উচ্চতম ন্যায়ালয়ত । বৃহস্পতিবাৰে এই গোচৰ শুনিব শীর্ষ আদালতৰ প্রধান ন্যায়াধীশ এনভি ৰামানাই ।

Exit mobile version