Child Mental Health : বিশ্বত প্ৰতি সাত শিশুৰ এটি আক্ৰান্ত হৈছে মানসিক সমস্যাত

school aged children on playground

ইউনিচেফৰ দ্বাৰা প্ৰকাশিত শেহতীয়া এক প্ৰতিবেদনৰ তথ্য অনুসৰি, সাম্প্ৰতিক বিশ্বত ১০ৰ পৰা ১৯ বছৰ বয়সীয়া প্ৰতি সাতগৰাকী শিশুৰ এটি মানসিক সমস্যাত আক্ৰান্ত হৈছে । ইউনিচেফৰ এই প্ৰতিবেদনত লগতে উল্লেখ কৰা অনুসৰি, ক’ভিড মহামাৰীয়ে শিশু আৰু কিশোৰৰ মানসিক স্বাস্থ্যত যথেষ্ট নেতিবাচক প্ৰভাৱ পেলাইছে । ক’ভিডৰ এই প্ৰভাৱ দীৰ্ঘদিনলৈ বৰ্তি থাকিব পাৰে বুলিও প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে ।

শিশু আৰু কিশোৰে সাম্প্ৰতিক সময়ত সন্মুখীন হোৱা মানসিক সমস্যাৰ দিশটোৰ প্ৰতি বয়স্ক নাগৰিকসকলক লক্ষ্য ৰাখিবলৈকো আন্তৰ্জাতিক শিশু সংগঠনটোৱে আহ্বান জনাইছে । ইউনিচেফৰ মতে, শিশু আৰু কিশোৰক মানসিক সমস্যামুক্ত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই ।

সবাতোকৈ উদ্বেগজনক তথ্যটো হৈছে বিশ্বত প্ৰতি বছৰে প্ৰায় ৪৬ হেজাৰ শিশু আৰু কিশোৰে মূলত মানসিক সমস্যাৰ সন্মুখীন হৈ আত্মহনন কৰি আহিছে । কিন্তু ইয়াৰ পাছতো বিশ্বৰ শিশু আৰু কিশোৰে সন্মুখীন হোৱা মানসিক সমস্যাৰ প্ৰতি অভিভাৱকৰ লগতে বিশেষজ্ঞসকলৰ বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে । ইউনিচেফে এই প্ৰতিবেদনত ২১খন দেশৰ শিশু, কিশোৰ আৰু প্ৰাপ্তবয়স্কৰ মানসিক সমস্যাৰ সন্দৰ্ভত আলোকপাত কৰিছে । একেটা প্ৰতিবেদনতে উল্লেখ কৰা অনুসৰি ‌বিশ্বৰ প্ৰতি পাঁচজন যুৱ প্ৰজন্মৰ এজনে প্ৰায়ে মানসিক সমস্যাত আক্ৰান্ত হোৱা বুলি স্বীকাৰ কৰিছে ।

Exit mobile version