উত্তৰাখণ্ডৰ দৰেই মঙলতো হৈছিল আকস্মিক বান

৩৭০ কোটি বছৰৰ আগৰ কথা জনালে নাছাৰ ৰোভাৰে

Arda Valles pillars

মঙল গ্রহত পানী আছে নে নাই, সেই প্রশ্নৰ উত্তৰ বিজ্ঞানীসকলে বহু বছৰৰ আগৰ পৰাই বিচাৰি আছে।অব্যাহত আছে মঙল গ্রহত পানীৰ সন্ধান। অথচ সেই গ্রহেই এটা সময়ত আছিল পানীৰে পৰিপূর্ণ। আনকি মঙলৰ এটা অঞ্চলত ঘনাই ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছিল বানে।

অতি দ্রুত হাৰত জলবায়ু পৰিৱৰ্তনৰ বাবে এতিয়া উত্তৰাখণ্ড আৰু হিমাচল প্রদেশত প্ৰায়েই আকস্মিক বান (ফ্রেশ ফ্লাড) দেখা যায়। তেনে আকস্মিক বানেই এটা সময়ত ৰঙা গ্রহ মঙলত সঘনাই হৈছিল। বানত ভাহি গৈছিল মঙলৰ ডাঙৰ ডাঙৰ নদী আৰু ইয়াৰ অৱবাহিকাসমূহ।

বানৰ পানীত ডুবি চিন-ছাব নােহােৱা হৈছিল মঙলৰ বিশাল বিশাল হ্রদবােৰৰ। ৰঙা গ্রহৰ সেই বিশেষ অঞ্চলৰ নাম হৈছে ‘জেজেৰাে ক্রেটাৰ’ বা গহ্বৰ। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰেৰণ কৰা অন্তিম ৰােভাৰ পাৰছেভাৰেন্স’ৰ দ্বাৰা পঠোৱা অসংখ্য ফটোৱে এই তথ্য দাঙি ধৰিছে।

ৰােভাৰৰ তথ্যই জনাইছে যে মঙলৰ আকস্মিক বানবােৰ আছিল আৰু ভয়াৱহ। অতি ভয়ংকৰ। কে’বা মাইল জোৰা অঞ্চল বানত ডুব গৈছিল। তােলপাৰ লাগিছিল মঙল গ্ৰহৰ এটা বিশাল অংশত। বিস্তৰ খেলিমেলিৰ সৃষ্টি হৈছিল সেই অঞ্চলৰ পৃষ্ঠভাগৰ ওপৰৰ স্তৰ মার্শিয়ান ছাৰফেচত।

মঙলত জলবায়ু পৰিৱৰ্তনৰ লগে লগে সেই আকস্মিক বানসমূহৰ সংখ্যা আৰু ভয়াৱহতা বাঢ়ি গৈছিল। সেইবােৰ আকস্মিক বানৰ গতিবেগ আছিল ঘণ্টাত চাৰিৰ পৰা ২০ মাইল বা ঘণ্টাত ছয়ৰ পৰা ৩০ কিলােমিটাৰ। আকস্মিক বানসমূহৰ প্রচণ্ড গতিবেগেই মঙলৰ ওখ ওখ পাহাৰসমূহৰ পৰা বিশাল বিশাল পাখৰৰ খণ্ডসমূহ বগৰাই আনি পেলাইছিল জেজেৰাে ক্রেটাৰৰ বিশাল বিশাল নদীসমূহৰ অৱবাহিকাত। সেই পাথৰৰ খণ্ডসমূহৰেই পৰৱৰ্তী সময়ত উক্ত অঞ্চলৰ হ্রদসমূহ ভৰি পৰে।

উল্লেখ্য যে নাছাৰ ৰােভা পাৰছেভাৰেন্স যােৱা ফেব্ৰুৱাৰীত জেজেৰাে ক্রেটাৰত উপস্থিত হয়। এতিয়াও মঙল গ্ৰহত প্ৰাণৰ অস্তিত্ব আচে নে নাই, তাৰ বুজ লােৱাৰ বাবে সেই ৰােভাৰ প্ৰেৰণ কৰা হৈছিল। নাছাৰ ৰােভাৰখনে জেজেৰাে ক্রেটাৰৰ বিস্তীর্ণ অঞ্চল পর্যবেক্ষণ কৰি সেইবােৰ অঞ্চলৰ ফটো অনর্গলভাৱে প্ৰেৰণ কৰি আহিছে।

সেই ফটেসমূহ বিশ্লেষণ কৰিয়ে নাছাৰ জেট’প্ৰ’পালছন লেবৰেটৰীৰ বিজ্ঞানীকলে জনাইছে যে আকস্মিক বানৰ বাপকতা আৰু ভয়াবহতা বৃদ্ধি ইছিল আজিৰ পৰা প্রায় ৩৭০ কোটি বছৰৰ পূর্ব। সেই সময়ত মঙলৰ বায়ুমণ্ডল যথেষ্ট ডাঠ আছিল। ফলত মঙলত পানীৰ অটল ভাণ্ডাৰাে অটুট আছিল। অৱশ্যে তাৰ পাছতঅতি দ্রুত হাৰত ঘটা জলবায়ুপৰিৱর্তনৰ বাবে মঙলৰ বায়ুমণ্ডল ক্ৰমাৎ উৰি যাবলৈ ধৰে। ফলত উৰি যাবলৈ ধৰে মঙলৰ পানীও ।এটা সময়ত বায়ুমণ্ডলৰ লগতে মঙলত পানীও একেবাৰে নােহাৱাহৈ পৰিল।

Exit mobile version