ক’ভিড-১৯ৰ পৰা পৰিত্ৰাণ পাবলৈ বিশ্ব স্বাস্থ্য সংস্থাই কিছুমান। পৰামৰ্শ আগবঢ়াইছে। বিশেষকৈ শিশু আৰু বয়স্কলােকৰ ক্ষেত্ৰত বিশ্ব;স্বাস্থ্য সংস্থাই অধিক সতর্ক হ’বলৈ আহ্বান জনাইছে। বিগত এবছৰে বিশ্ববাসীয়ে সম্পূর্ণ অচিনাকি ভাইৰাছ এটিৰ বিৰুদ্ধে যুঁজ দিবলগীয়াহৈছে।
সেই বাবে এই ক্ষেত্ৰত সতর্কতাই হ’ল জীৱন ৰক্ষাৰ অন্যতম উপায়। এইবিধ ভাইৰাছৰ আক্রমণ যে এক নির্দিষ্ট সময়ৰ পাছত উপশম ঘটিব সেই বিষয়েও কোনােৱে নিশ্চিতভাৱে ক’ব নােৱাৰে। সেই বাবে, কোনাে লােকে সদায় ঘৰৰ ভিতৰত আৱদ্ধ থাকিলেও পেটৰ ভােক নুগুচে। কাৰণ কাম নকৰিলে ক্ষুধা নিবাৰণ সম্ভৱ নহয়। সেই বাবে সকলােৱে সাৱধান হৈ নিজৰ নিজৰ কৰ্মও সম্পাদন কৰিব লাগিব। সেই বাবে বয়স্কলােক সকলে কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰা উচিত—-
★ঘৰৰ পৰা বাহিৰলৈ ওলালে উপযুক্ত মাস্ক পৰিধান কৰা উচিত। মাস্কখনেৰে মুখখন ভালদৰে ঢাকি লব লাগে। মাস্ক থুতুৰীত পৰিধান কৰাৰ অভ্যাস বা মানসিকতা পৰিহাৰ কৰিবই লাগিব।
★হাঁচি অথবা কাহ মাৰিলে ৰুমাল ব্যৱহাৰ কৰিব লাগে। বহুতাে লােকেই এনে অভ্যাস পৰিত্যাগ কৰিব খােজে।
★হাত ভালদৰে চাবােনেৰে ধুই অথবা ছেনিটাইজাৰ ব্যৱহাৰ কৰিহে চকু, মুখ, নাক স্পর্শী কৰিব লাগে।
★অপ্রয়ােজনীয়ভাৱে নাক, মুখ, চকু আদি স্পর্শ নকৰিব।
★যদিহে প্রয়ােজন নাথাকে তেতিয়া ঘৰৰ পৰা ওলাই নােযােৱাটোৱে মংগলজনক। প্রয়ােজনত মাস্ক পৰিধানৰ লগতে হাতত ছেনিটাইজাৰ ব্যৱহাৰ কৰিলে ভাইৰাছৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি।
★সতেজ পুষ্টিকৰ খাদ্য গ্রহণ কৰিব লাগে। কাৰণ পুষ্টিকৰ খাদ্য গ্রহণ কৰিলে শৰীৰৰ ৰােগ প্ৰতিৰােধী ক্ষমতা স্বাভাৱিক হৈ থাকে।
★বয়স্ক আৰু শিশু থকা ঘৰলৈ চর্দি, জ্বৰ, কাহ আদিত ভােগা লােকসকল যাবই নালাগে। যদিহে ঘৰৰ কোনাে সদস্য এনে সমস্যাৰ দ্বাৰা আক্রান্ত হয় তেতিয়াহ’লে বয়স্কলােকে তেওঁলােকৰ পৰা আঁতৰত থকাটোৱে মংগলজনক।
★জনসমাগমৰ পৰা যিমান সম্ভৱ সিমানে আঁতৰি থাকিব লাগে। কাৰণ জনসমাগমৰ মাজত থাকিলে সামাজিক ব্যৱধান ৰক্ষা কৰাটো সম্ভৱ নহয়। তদুপৰি হাচি, কাহ মাৰিলে সহজে আক্রান্ত হ’ব পাৰে।
★অসুস্থ লােকৰ বিছনাৰ কাপােৰ কানি আদি জীৱাণুনাশকৰে পৰিষ্কাৰ কৰা উচিত। তেতিয়া সংক্রমণ হােৱাৰ আশংকা নাথাকে।
★যিসকলৰ বাবে সমম্ভৱ তেওঁলােকে ঘৰৰ চৌহদত প্রাতঃ আৰু সান্ধ্য ভ্ৰমণ কৰা উচিত। বিশেষকৈ গ্রামাঞ্চলৰ লােকসকলে এনেদৰে প্ৰাতঃ আৰু সান্ধ্য ভ্রমণ কৰিলে নিশ্চয় সুফল পাব।
★মদ্যপান, ধূমপানৰ পৰা আঁতৰি থকাটোৱে মংগলজনক। কাৰণ দুয়ােবিধৰ অভ্যাসে ৰােগ প্ৰতিৰােধ ক্ষমতা হ্রাস কৰে। যিসকলৰ পুৰণি অভ্যাস আছে তেওঁলােকে শীঘ্ৰে এনেধৰণৰ অভ্যাস পৰিত্যাগ নকৰিলে বপদ ঘনীভূত হােৱাটো নিশ্চিত।






























