Bakery Business : মাত্ৰ এক লাখ টকাৰে আৰম্ভ কৰক এই ব্যৱসায়

প্ৰতিমাহে ৪০হেজাৰ টকাতকৈও অধিক হ'ব লাভ !

chang liu TnJkfyhykEg unsplash

কৰ’না মহামাৰীৰ লগত সংগতি ৰাখি ব্যৱসায়ীসকলে প্রায় সকলাে ধৰণৰ নিত্য প্রয়ােজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে। ইয়াৰ ফলত স্বাভাৱিকতে সাধাৰণ মানুহৰ দুর্দশা হৈছে।

অলপীয়া উপার্জনেৰে বাজেট মিলাব নােৱাৰি এনে পৰিস্থিতিত বহুলােকে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। পিছে সমস্যাটো হৈছে। কৰ’না কালত কম প্ৰাৰম্ভিক মূলধনেৰে কম সময়তে থিতাপি লগাব পৰা ব্যৱসায় বাছনি কৰাতহে।

কৰ’না আৰু তলাবন্ধত আর্থিক সচ্ছলতা হেৰুৱাই পেলােৱা বহু লােকৰ এতিয়া নতুন ব্যৱসায় কৰাে বুলিলেও মূলধনৰ অভাৱ। এনেস্থলত কেন্দ্রীয় চৰকাৰৰ মুদ্রা আঁচনিৰ অধীনত কেনেদৰে লাভজনক ব্যৱসায় কৰিব পাৰি সেই বিষয়ে স্বয়ং কেন্দ্রই মুকলি কৰা প্রকল্প প্রতিবেদন পঢ়িলে উপকৃত হ’ব পাৰিব এই ধৰণৰ ব্যৱসায় কৰাৰ বাবে আগ্রহীসকল।

চৰকাৰৰ দ্বাৰা প্রকাশিত এই প্রকল্প প্রতিবেদনত লাভজনক ব্যৱসায় হিচাপে স্বীকৃতি দিয়া হৈছে। বেকাৰী উদ্যোগক। এই ব্যৱসায় মাত্র এক লাখ টকাৰে আৰম্ভ কৰিব পাৰি আৰু ইয়াৰ পৰা প্রতি মাহে ৪০ হেজাৰ টকাতকৈ অধিক লাভ আদায় কৰিব পৰা যায়।

যদি কোনােবাই মুদ্রা আঁচনিৰ অধীনত এই ব্যৱসায় কৰে তেন্তে নামমাত্র মূলধন বিনিয়ােগ কৰিব লাগিব। বিস্কুট হৈছে এনে এক সামগ্রী যাৰ সকলাে সময়তে বজাৰত চাহিদা থাকে। বিস্কুটৰ লগতে বজাৰত কেক, পেষ্ট্রি, পাউৰুটী আদিৰাে চাহিদা প্রচুৰ।

এই ধৰণৰ খাদ্য সামগ্রী প্রস্তুত কৰা গােট স্থাপন কৰিও বৃহৎ পৰিমাণৰ উপার্জন কৰিব পাৰে ইচ্ছুক ব্যৱসায়ীয়ে। বেকাৰী উদ্যোগ এটা খুলিবলৈ বিচাৰিলে আজিৰ তাৰিখত মােদী চৰকাৰৰ পৰা অর্থ সাহায্য লাভ কৰিব পাৰে এজন ব্যক্তিয়ে।

মুদ্রা আঁচনিৰ নিয়ম অনুসৰি, এই ব্যৱসায় আৰম্ভ কৰাৰ বাবে প্রয়ােজন হােৱা মুঠ ব্যয়ৰ ৮০ শতাংশলৈকে কেন্দ্রীয় চৰকাৰে প্ৰদান কৰে।

এই ব্যৱসায় কৰিবলৈ চর্ত মাথোঁ এটাই। সেইটো হৈছে- উদ্যোগটো গঢ়িবলৈ প্রয়ােজন হােৱা ভূমিৰ ব্যৱস্থা নিজেই কৰিব লাগিব।

কিমান খৰচ হ’ব ?

চৰকাৰী হিচাপ মতে, এই ধৰণৰ উদ্যোগ এটা স্থাপন কৰােতে গােটেই প্রকল্পটোৰ মুঠ ব্যয় হয় প্রায় ৫.৩৬ লাখ টকা। ইয়াৰ ভিতৰত ব্যৱসায়ীজনে কেৱল এক লাখ টকাহে নিজৰ পৰা বিনিয়ােগ কৰিব লাগিব।

বাকীখিনি খৰচ চৰকাৰে বহন কৰিব। অৱশ্যে ইয়াৰ বাবে ব্যক্তিজন মুদ্রা আঁচনিৰ নিয়ম অনুসৰি বাছনি কৰা হ’ব লাগিব; তেতিয়াহে ২.৮৭ লাখ টকাৰ ম্যাদী ঋণ আৰু ১.৪৯ লাখ টকাৰ কাৰ্যকৰী মূলধন ঋণ পাব কেন্দ্ৰৰ পৰা।

এই ব্যৱসায় কৰাৰ বাবে আবেদনকাৰী ব্যক্তিৰ নিজাকৈ কমেও ৫০০ বর্গ ফুট ভূমি থাকিব লাগিব। অন্যথা
ভাড়াৰ খৰচ নিজেই বহন কৰিব লাগিব ব্যৱসায়ীজনে।

কিমান লাভ হ’ব ?

চৰকাৰে প্ৰস্তুত কৰা প্রকল্প প্রতিবেদনত উল্লেখ কৰা মতে, গােটেই বৰ্ষৰ বাবে এই ব্যৱসায়ত উৎপাদন ব্যয় যদি প্রায় ৪.২৬ লাখ টকা হয় তেন্তে উক্ত মূল্যত উৎপাদিত বিস্কুট, পাউৰুটী আদি বিক্ৰী কৰি বছৰটোত প্রায় ২০.৩৮ লাখ টকা উপার্জন কৰিব পৰা যায়।

এবছৰত এই ধৰণৰ উদ্যোগৰ আনুমানিক মুঠ অপাৰেটিং লাভ ৬.১২ লাখ টকাৰ আশে-পাশে থাকে। অৱশ্যে, উদ্যোগটোৰ পৰিচালনা, বিক্রী সামগ্ৰীৰ পৰিবহণ ব্যয় আৰু অন্যান্য কামত প্রায় ১,৯০,০০০টকা অতিৰিক্তকৈ ব্যয় হয়। গতিকে এবছৰত মুঠ লাভ প্রায় ৪.২ লাখ টকা বুলি ধৰিব পাৰি।

কিদৰে আবেদন কৰিব ?

প্রধানমন্ত্রী মুদ্রা যােজনাৰ অধীনত আপুনি যিকোনাে বেংকত আবেদন কৰিব পাৰে। ইয়াৰ বাবে আপুনি এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। এই প্ৰ-পত্ৰত নাম, ঠিকনা, ব্যৱসায়, শিক্ষা, বর্তমানৰ উপার্জনকে ধৰি কেবাটাও গুৰুত্বপূর্ণ তথ্য দিব লাগিব।

ইয়াৰ বাবে কোনাে প্রচেছিং মাচুল বা গেৰান্টি মাচুল পৰিশােধ কৰাৰাে প্রয়ােজন নহ’ব। ঋণৰ ধন পাঁচ বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব।

Exit mobile version