Crime Against Women : বিগত বৰ্ষৰ অভিলেখ ভংগ কৰি ৰাজ্যত নমাহতে ২২হেজাৰ নাৰীজনিত অপৰাধ

নাৰীৰ বিৰুদ্ধে অপৰাধ ৰম্যভূমি অসম

Crimes Against Women 0

ৰাজ্যত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ লগতে শিশুৰ বিৰুদ্ধে অপৰাধৰ ঘটনা। বিগত বৰ্ষত নাৰীৰ বিৰুদ্ধে অপৰাধৰ হাৰ পূৰ্বতকৈ ১৫৪.৩ শতাংশ বৃদ্ধি হােৱাৰ ফলত দেশৰ ভিতৰতে শীর্ষ স্থান দখল কৰে অসমে।

ৰাজ্যৰ গৃহ বিভাগক চৰম উদ্বিগ্ন কৰি চলিত বৰ্ষত বিগত ২০২০ৰ অভিলেখ ভংগ কৰি যােৱা নমাহতে ৰাজ্যত ২২,০৩৯টা নাৰীৰ বিৰুদ্ধে অপৰাধৰ ঘটনা সংঘটিত হৈছে। অসম আৰক্ষীৰ শীর্ষ সূত্রই এই কথা সদৰী কৰে।

সূত্ৰটোৱে জনােৱা মতে, ২০২০ত ৰাজ্যত নাৰীৰ বিৰুদ্ধে ২১,৯১৪টা অপৰাধৰ ঘটনা সংঘটিত হৈছিল। প্রাপ্ত তথ্য অনুসৰি, ইয়াৰে ভিতৰত ১,৭৩৬টা ধর্ষণ, ৫৩টা সৰবৰাহ, ১২৪টা যৌতুকজনিত হত্যা, ৪,৭৯২টা অপহৰণ, ৩,৮২০টা নির্যাতন আৰু ১১,৩৮৯টা স্বামীৰ দ্বাৰা নির্যাতনৰ ঘটনা সংঘটিত হৈছিল।

অথচ বিগত বৰ্ষৰ এইসমূহ অপৰাধক চেৰ পেলাই চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ৰাজ্যত মুঠ ২২,০৩৯টা নাৰীজনিত অপৰাধৰ সংঘটিত হৈছে বুলি সূত্ৰটোৱে সদৰী কৰিছে।

ৰাজ্যত নাৰীজনিত অপৰাধ অস্বাভাৱিকভাৱে বৃদ্ধি হােৱা ঘটনাই স্বাভাৱিকতে গৃহ বিভাগক চিন্তিত কৰি তুলিছে। সূত্রত প্রকাশ যে বিজেপি চৰকাৰৰ কাৰ্যকালত অর্থাৎ ২০১৬ৰ পহিলা জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈ ৰাজ্যত ১,৩৫,৩৪০টা নাৰীৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছে।

তথ্য অনুসৰি, বিগত পাঁচটা বছৰত ৰাজ্যত ৯,০৮৪টা ধর্ষণ, ৩১৭টা নাৰী সৰবৰাহ, ৭৬২টা যৌতুকৰ কাৰণে মৃত্যু আৰু ২৭,৯১২টা নাৰী অপহৰণৰ ঘটনা সংঘটিত হৈছে।

ইতিমধ্যে নাৰীজনিত অপৰাধৰ সংখ্যাই বিগত বৰ্ষত সংঘটিত হােৱা অপৰাধক অতিক্রম কৰাৰ পাছতে এই তিনিমাহত অপৰাধৰ সংখ্যাই পুনৰ অভিলেখ সৃষ্টি কৰিব বুলি আৰক্ষী সূত্রই সম্ভাৱনা ব্যক্ত কৰে।

সমান্তৰালকৈ বিগত বৰ্ষসমূহৰ তুলনাত চলিত বৰ্ষত ৰাজ্যত অস্বাভাৱিকভাৱে শিশুজনিত অপৰাধ বৃদ্ধি হােৱা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে। চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ৰাজ্যত ৫,৩৫০টা শিশুজনিত অপৰাধ সংঘটিত হৈছে।

একেদৰে এই সময়ছােৱাত ৰাজ্যখনত ৭৭০টা হত্যাকাণ্ড সংঘটিত হােৱা বুলিও আৰক্ষী সূত্রই প্রকাশ কৰে।

Exit mobile version