Egg Storage Tips : জানি লওক কি দৰে ৰাখিলে এবছৰৰ লৈকে নষ্ট নহয় কণী ! মাত্ৰ এই কেইটা উপায় ব্যৱহাৰ কৰিলেই পাব ফলাফল

Brown eggs

কণী সকলোৰে খাদ্য । দৈনিক কম বেছি পৰিমাণে সকলোৱে কণী খায়। শৰীৰ স্বাস্থ্যৱান ৰখাৰ উপৰিও, কণী খালে ওজন নিয়ন্ত্ৰণত থাকে । সেইকাৰণে চিকিৎসকসকলে দৈনিক কণী খোৱাৰ পৰামৰ্শ দিয়ে।

কণী (Egg Storage Tips) বগা অংশ অধিক উপকাৰী নে কুহুম সেই বিষয়েও বিশেষজ্ঞসকলৰ বিভিন্ন মতবাদ আছে।পাকঘৰত অন্য বস্তু থাকক বা নাথাকক কণী কিন্তু থাকিবই।

কিন্তু আজিৰ ব্যস্ত জীৱনত কণী সংৰক্ষণৰ প্ৰয়োজন আছে। বৰ্তমান সকলোৱে ফ্ৰিজত কণী সংৰক্ষণ কৰে। অলপ কণী কিনাটো যথেষ্ট অসুবিধাজনক। গতিকে ব্যস্ত জীৱনত, সকলোৱে একেলগে ডজন হিচাপত কণী ক্ৰয় কৰে।

অৱশ্যে, কণী (Egg Storage Tips) ফ্ৰিজত ৰাখিলে সেইবোৰ নষ্ট নহয়। কিন্তু সেয়া এমাহতকৈ বেছি নহয়।

যদি আপুনি অধিক সময়ৰ বাবে কণী (Egg Storage Tips) সংৰক্ষণ কৰিব বিচাৰে, অৰ্থাৎ মাহৰ পাছত মাহ, আপুনি কি কৰিব লাগে জানেনে? প্ৰথমে কণীবোৰ বাছি পৃথক কৰক। এতিয়া এটা পাত্ৰ লওক আৰু পাত্ৰটোত সকলো কণী ভাঙক।

ইয়াত বগা আৰু হালধীয়া অংশ মিহলি যাব পাৰে। ইয়াত কোনো সমস্যা নাই।পাত্ৰটোত থকা কণী খিনি অলপ নিমখ দিয়ক। তাৰ পাছত এই সকলোবোৰ একেলগে ফেটি লওক। কিন্তু অত্যাধিক নিফেটিব। ই কণীৰ সোৱাদ নষ্ট কৰিব পাৰে।

এতিয়া এই তৰল কণীৰ মিশ্ৰণ খিনি ফ্ৰিজৰ বৰফ জমা কৰা ট্ৰেত ঢালি ভৰ্তি কৰক। তাৰ পাছত সেই ট্ৰেখন ডিপ ফ্ৰিজত ৰাখক।

এই অৱস্থাত, কণীবোৰ দীৰ্ঘদিন ধৰি ভাল হৈ থাকিব। এনে কৰিলে পুষ্টিৰ গুণো হ্ৰাস নহ’ব। কিন্তু কণীৰ মিশ্ৰণ খিনি ঢলাৰ আগতে বৰফ জমা ট্ৰেখন ভালদৰে পৰিষ্কাৰ কৰক।

অন্যথা কণীবোৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে। যদি সঠিকভাৱে ৰখা হয়, এই পদ্ধতিত কণী দীঘলীয়া বছৰৰ বাবে ভাল হ’ব। আজিৰ দ্ৰুত জীৱনত, বহুলোকে এই অভিনৱ উপায়েৰে গোটেই বছৰটো কণী সংগ্ৰহ কৰিব পাৰে।

Exit mobile version