উগ্ৰপন্থীৰ স’তে গুলীযুদ্ধত জম্মুত নিহত এজন সেনা বিষয়া স’তে পাঁচজন জোৱান

1633940604 kashmir

জম্মুৰ পুঞ্চত উগ্ৰপন্থীবিৰোধী অভিযানৰ সময়ত সেনাৰ ওপৰত আক্ৰমণ উগ্ৰপন্থীৰ । দুয়োপক্ষৰ মাজত হোৱা গুলীযুদ্ধত এজন সেনা বিষয়া আৰু চাৰিজন জোৱান নিহত হয়।

উগ্ৰপন্থীৰ সমাৱেশৰ গোপন খবৰ পোৱাৰ পাছত সোমবাৰে ৰাতিপুৱা সেনাই চুৰানকোটৰ ডেৰা কি গলিত অভিযান চলায় আৰু তেতিয়াই উগ্ৰপন্থীসকলে তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে।

প্ৰত্যুত্তৰ দিলে সেনাইও। দুয়োপক্ষৰ মাজত সংঘৰ্ষ কে’বা মুহূৰ্তধৰি চলিল। ঘটনাটোত সেনাৰ কনিষ্ঠ কমিছনড বিষয়া (জেচিঅ’) আৰু চাৰিজন জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু পাছত তেওঁলোকৰ মৃত্যু হয়।

সেনাৰ সূত্ৰ অনুসৰি, বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ থকা উগ্ৰপন্থীৰ এটা দল লুকাই থকাৰ খবৰ পোৱাৰ পাছতহে এই অভিযান চলোৱা হৈছিল।

উগ্ৰপন্থীসকলে চাৰমা অৰণ্যত আশ্ৰয় লৈছিল। কিন্তু বৰ্তমানৰলৈকে জানিব পৰা হোৱা নাই যে কিমান জন উগ্ৰপন্থীৰ তাত উপস্থিত আছিল। সেনাই অৰণ্যৰ মাজেৰে সীমান্ত ৰেখাৰ ফালে পলাই গৈছিল বুলি ধাৰণা কৰা হৈছে। উগ্ৰপন্থীৰ সন্ধানত চাৰমাৰ অৰণ্যত অনুসন্ধান চলোৱা হৈছে।

Exit mobile version