ভাত খাবলৈ আতংকিত নহৈ নিয়ন্ত্রণহে কৰক

how to cook rice

ভাত সকলােৰে প্রিয় খাদ্য। দিনটোৰ ভিতৰত সকলােৱে কম বেছি পৰিমাণে ভাত খায়। শৰীৰত মেদ জমা হােৱা আৰু ডায়েবেটিছ প্ৰতিৰােধৰ বাবে কিছুমান লােকে ভাত কম পৰিমাণে খােৱাৰ অভ্যাস গঢ়ি তােলে। তদুপৰি বহুতৰ বাবে আকৌ আতংকৰ কাৰণ হৈ পৰে। অৱশ্যে দৈনন্দিন খাদ্য তালিকাত ভাত অন্তর্ভুক্ত কৰি ওজন, ৰােগ আদি নিয়ন্ত্রণ কৰিব পাৰি।

★ভাতৰ পৰিমাণ নিয়ন্ত্রণ কৰিব লাগিব। দুপৰীয়া অথবা নিশাৰ ভিতৰত মাত্ৰ এবাৰ ভাত খাব লাগে।

★ভাতৰ পুষ্টিগুণৰ ওপৰত ভালেখিনি বিষয় নির্ভৰ কৰে। আজিকালি প্ৰায়ভাগ লােকে প্রেচাৰ কুকাৰত ভাত ৰান্ধে। আগতে কেৰাহি অথবা চচপেন আদিত ভাত ৰান্ধি ভাতৰ মাৰ পেলাই দিছিল। ভাত ৰন্ধাৰ পদ্ধতি যিয়েই নহওক কিয় মাৰ পেলাব নালাগে। কিয়নাে ভাতৰ মাৰত পানীত দ্ৰৱণীয় খনিজ পদার্থ আৰু ভিটামিন আদি অটুট থাকে।

★মনত ৰখা উচিত বগা চাউলৰ বিপৰীতে ৰঙা ৰঙৰ চাউলত ফাইবাৰ বেছি থাকে। আনহাতে, ইয়াত কেলৰি কম পৰিমাণে পােৱা যায়।

★যিহেতু ফ্রাইড ৰাইচ, পােলাও, বিৰিয়ানি আদিত কেলৰি প্ৰচুৰ পৰিমাণে পােৱা যায় সেয়ে এইবােৰ কম পৰিমাণে খােৱাটোৱে শৰীৰৰ বাবে মংগলজনক।

★ভাত কম পৰিমাণে খাই যদি ফাষ্ট ফুড, জাংক ফুড, আইচক্রীম,চকলেট আদি বেছিকৈ খায় তেতিয়া হিতে বিপৰীত হ’ব।

★খাদ্য গ্রহণ কৰা থালখনত এক চতুর্থাংশহে ভাত ল’ব লাগে। এক চতুর্থাংশ মাছ, মাংস বা প্র’টিন থাকিব লাগিব। বাকীখিনি শাক-পাচলিৰ লগতে চালাড আদি অন্তর্ভুক্ত হলে সুফল পােৱা যাব।

★যিবােৰ চাউলত সাধাৰণতে এমাইলােজ বেছি থাকে সেইবােৰত শৰ্কৰা কম বাঢ়ে। এইবােৰ চাউলেৰে ভাত ৰন্ধাৰ পাছতাে এটা এটা হৈ পৰে। আনহাতে, যিবােৰ ভাত আলতিয়া হয় সেইবােৰত এমাইলােজ কম থকাৰ বিপৰীতে এমাইলােপেটি বেছি থাকে বাবে শৰ্কৰাও বৃদ্ধি পায়।

★ ভাত যে একেবাৰে খাদ্য তালিকাৰ পৰা বাদ দিব লাগিব তেনে কোনাে কথা নাই। শাৰীৰিক মানসিক অৱস্থাৰ ওপৰত ভিত্তি কৰি ভাতৰ পৰিমাণ নির্ণয় কৰিলে বিপদ হােৱাৰ আশংকা নাথাকে।

Exit mobile version