১০০ জনৰ স’তে ভিডিঅ’ ক’ল ! নতুন ফিচাৰ স্কাইপিত

1633852250 skype

আপুনি জানেনে যে ১০০ জন স্কাইপ ব্যৱহাৰকাৰীয়ে একেলগে ভিডিঅ’ কল কৰিব পাৰে। কোম্পানীয়ে এটা বিবৃতিত জাৰী কৰি এই খবৰ জনাইছে ।

কৰ’নাৰ সময়ত ভিডিঅ’ কল যথেষ্ট বৃদ্ধি পাইছে৷ কেৱল অফিচৰ গুৰুত্বপূৰ্ণ কামেই নহয়, বহুলোকে ইজনে সিজনক পোনপটীয়াকৈ লগ নোপোৱাকৈ ভিডিঅ’ কল ‘কৰি কথা বতৰা পতাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম ভিডিঅ’ যুগে হৈছে৷

আৰম্ভণিতে, অতি সীমিত সংখ্যক স্কাইপ ব্যৱহাৰকাৰীয়ে একেলগে ভিডিঅ’ কল কৰিব পাৰে৷ কিন্তু এতিয়া ১০০ জন লোকে একেসময়তে এটা ভিডিঅ’ কলত যোগদান কৰিব পাৰে আৰু ২৪ ঘণ্টাৰ পাছত এই ভিডিঅ’ কল টো স্বয়ংক্ৰিয়ভাৱে সংযোগ বিচ্ছিন্ন হৈ যাব৷

যিসকলৰ স্কাইপ একাউণ্ট নাই তেওঁলোকেও যিকোনো স্কাইপ ভিডিঅ’ কলত যোগদান কৰিব পাৰে। ভিডিঅ’ কলত যোগদান কৰা ১০০ জনৰ ভিতৰত, ৪৯ জনক একেলগে স্ক্ৰীণত দেখা যাব।

স্কাইপৰ নিৰ্মাতা মাইক্ৰছফ্ট বিবৃতিটোত জনাইছে , ডেস্কটপৰ বাবে নইজ বাতিলকৰণ সুবিধা যোগ কৰা হৈছে। যেতিয়া কোনোবাই যোগদান কৰে আৰু স্কাইপৰ ভিডিঅ’ কলৰ স’তে কথা কয় তেতিয়া ই পিছফালৰ সকলো শব্দ বন্ধ হৈ যাব।

Exit mobile version