Amitabh Bachchan: জন্মদিনৰ দিনাই পান মছলাৰ বিজ্ঞাপন বাতিল কৰিলে বিগ বিয়ে

AmitabhBachchan KBC 02112020 screenshot

অমিতাভৰ ৭৯ তম জন্মদিন। পান মছলাৰ এটা বিজ্ঞাপন প্ৰচাৰত অমিতাভ বচ্চন। দেখি হতবাক অনুৰাগীসকল। অভিনেতাগৰাকীৰ জন্মদিনত তেওঁৰ ঘোষণা, বিশেষ কোম্পানীৰ হৈ পান মছলাৰ বিজ্ঞাপনত আৰু দেখা পোৱা নাযাব ‘বিগ বিক’ ।

একে লগতে তেওঁ এইটোও কয় যে ধন ঘূৰাই দিয়া হ’ব। টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰামত বাৰ্তা বিয়পি পৰাৰ লগে লগে অনুৰাগীসকল উৎফুল্লিত হৈ পৰে। প্ৰবীণ অভিনেতাজনৰ বক্তব্য দেওবাৰে নিশাই ‘বিগ বি’ৰ অফিচিয়েল কাৰ্যালয়ৰ পৰা  এটা ব্লগত জনাই দিয়া হয় প্ৰবীণ অভিনেতাগৰাকীৰ বক্তব্য ।

তেওঁ কাৰ্যালয় আৰু জনাইছে , “বিজ্ঞাপনটো সম্প্ৰচাৰ হোৱাৰ কেইদিনমান পাছত বচ্চন ছাৰে সেই কোম্পানীটোৰ স’তে যোগাযোগ কৰিছিল। তাৰ পাছত তেওঁ যোৱা সপ্তাহত বিজ্ঞাপনৰ পৰা প্ৰত্যাহাৰ কৰে।

কিয় এই পদক্ষেপ অমিতাভৰ ? ব্লগত লিখি, তেওঁ নাজানিছিল যে বিজ্ঞাপনটো নিষিদ্ধ বস্তুৰে নিৰ্মিত। তেওঁ জানিব পৰাৰ পাছতে চুক্তিখন বাতিল কৰিছিল। অমিতাভক আগতে ৰণবীৰ সিঙৰ স’তে ইলাচীৰ বিজ্ঞাপন দিয়া দেখা গৈছিল।

ইফালে, বলীউডৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা মাহত এটা ৰাষ্ট্ৰীয় ধপাত বিৰোধী কোম্পানীয়ে অমিতাভক পান মচলা প্ৰচাৰৰ বিজ্ঞাপনৰ অংশ নহ’বলৈ আহ্বান জনাইছিল। সম্ভৱতঃ তাৰ পাছত ‘শ্বাহেনছা’ৰ এই পদক্ষেপ।

Exit mobile version