এই দেশত বছৰটোৰ শেষৰ তিনিমাহ উৎসৱমুখৰ। দুৰ্গা পূজাৰ পৰা বৰদিনলৈ আৰম্ভ কৰি নতুন বছৰত সমাপ্ত হয়। সেই ‘সমাপ্তি’ লৈয়ে এতিয়া চিন্তিত বিশেষজ্ঞসকল। কৰ’নাৰ দ্বিতীয় ঢৌত এতিয়াও আক্ৰান্ত বহু পৰিয়াল। ইয়াৰ মাজতে এতিয়া উৎসৱৰ বতৰত ৰাজ্যসমূহত লাগিছে ভিৰ।ইতিমধ্যে ১৩৯ কোটি দেশক ভাইৰ’লজিষ্ট ডব্লিউ ইয়ান লিপকিনৰ সতৰ্কবাণী -কৰ’নাৰ যুদ্ধত ভাৰত এতিয়াও ‘বৰ্মহীন’।
সম্পূৰ্ণ টিকাকৰণ হিচাপে ভাৰত বিশ্বৰ বহুতো দেশতকৈ আগবাঢ়ি আছে। ২৬কোটি ৬৪ লাখ লোকৰ টিকাকৰণ ইতিমধ্যে সম্পূৰ্ণ হৈছে (দুটা ভেকছিন)। কিন্তু ১৩৯ কোটি দেশত, ই যে একো নহয়, সেই কথা মনত পেলাই দিছে ভাইৰোলজিষ্ট লিপকিনে ।তেওঁৰ সতৰ্কবাণী ,যে ভাৰতত যিধৰণে তলাবন্ধ উঠাই লোৱা হৈছে, কৰ’না বিধি হ্ৰাস কৰা হৈছে,সেইয়া কোনো প্ৰকাৰে সুৰক্ষিত নহয়।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া পৰিসংখ্যা অনুসৰি, ভাৰতৰ ২৬কোটি বাসিন্দাক আঠ অক্টোবৰলৈকে টিকাকৰণ কৰা হৈছে। দেশৰ মুঠ বাসিন্দাৰ ক্ষেত্ৰত এইটো ১৮.৮ শতাংশ। কমেও এটা ভেকছিন ৬৮.০৫ কোটি ভাৰতীয়ই গ্ৰহণ কৰিছে। অৰ্থাৎ প্ৰায় ৫০ শতাংশ নাগৰিক।যোৱা ২৪ ঘণ্টাত ৩২ লাখ ভাৰতীয়ক ক’ভিডৰ বিৰুদ্ধে টিকাকৰণ কৰা হৈছে। দৈনিক টিকাকৰণৰ অভিলেখ হৈছে ২.৫ কোটি।
ভাৰতীয় সংবাদ সংস্থাৰ এক অনুষ্ঠানত লিপকিনে জনায়,পুনেৰ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া হৈছে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ কোম্পানী। এইটো ভাৰতৰ বাবে গৌৰৱৰ বিষয়।
প্ৰতিষ্ঠানটোৱে টিকাকৰণত বিশ্বক নেতৃত্ব দি আছে। কিন্তু ভাৰতৰ বৃহৎ জনসংখ্যাৰ ওজনৰ ওপৰত টিকাকৰণৰ শতাংশ অতি কম। লিপকিনে কয়, “আপোনাৰ দেশৰ জনসংখ্যাৰ ২০ শতাংশতকৈও কম লোকক টিকাকৰণ কৰা হৈছে। তদুপৰি, জনসংখ্যাৰ ৩০% এতিয়াও প্ৰাপ্তবয়স্ক নহয়।
ভাৰত চৰকাৰে ১৮ বছৰৰ তলৰ এই অংশৰ টিকাকৰণৰ বাবে অনুমতি দিয়া নাই। যাৰ অৰ্থ হৈছে দেশত তলাবন্ধ উঠোৱাৰ বাবে আপোনাৰ ওচৰত প্ৰয়োজনীয় ‘বৰ্ম’ নাই। ”
প্ৰবীণ ভাইৰোলজিষ্টজনে লগতে কয়, “মহামাৰীৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ বিষয়ে কোনেও কথা কোৱা নাই। মই বিশ্বাস কৰোঁ যে ই এক বৃহৎ প্ৰভাৱ পেলাব। ” কেনে ধৰণৰ? বিজ্ঞানীজনৰ মতে, কৰ’নাৰ পৰা আৰোগ্য হোৱাৰ পাছত বহুলোক বিভিন্ন ধৰণৰ জটিল পোষ্ট-ক’ভিড সমস্যাত ভুগি আছে।সেই সমস্যাবোৰে কেতিয়াবা দীৰ্ঘম্যাদী প্ৰভাৱ পেলায়। কেতিয়াবা ই স্থায়ী ক্ষতি সাধন কৰে।”
লিপকিনে কয়, “এনে নহয় যে ৰোগী বা শাৰীৰিকভাৱে দুৰ্বল ব্যক্তি এজন আন যিকোনো জটিল ৰোগৰ দ্বাৰা অধিক প্ৰভাৱিত হ’ব। যিসকলে ক’ভিডত অলপ কষ্ট পাইছে তেওঁলোকৰ বিভিন্ন পাৰ্শ্বক্ৰিয়াও আছে।
উশাহ চুটি হোৱা, ক্লান্তি আৰু বহুতৰ মগজুৰ ক্ষতিৰ লগতে বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে। আতংকটো হ’ল যে এই সংখ্যাটো মুঠ সংক্ৰমণৰ প্ৰায় ৩০ শতাংশ। ”
ভয়ৰ কাৰণ অধিক বিতংভাৱে বৰ্ণনা কৰি লিপকিনে কয়, “যদিও কৰ’না ভাইৰাছ হঠাতে এটা যাদুৰ দ্বাৰা বিলুপ্ত হয়, পাৰ্শ্বক্ৰিয়াত ভুগি থকা এই লোকসকল শাৰীৰিক জটিলতাৰ স’তে থাকিব আৰু ভৱিষ্যতে ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিব। আমি সকলোৱে পৰৱৰ্তী কেইটামান দশকৰ বাবে ভুগিব লাগিব পাৰে। ”
সেয়েহে, অতীত আৰু অভিজ্ঞতাৰ পৰা শিকাৰ উপায়। কেৱল ৰোগ প্ৰতিৰোধ কৰাই নহয় কিন্তু সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উপায়েও। ১৯১৮ চনত স্পেনিছ ফ্লু বিশ্বলৈ বিয়পি পৰিছিল। লিপকিনে কয়, “তেওঁৰ আঘাত এতিয়াও পৃথিৱীত বৈ আছে। ক’ভিড-১৯ যে অতিমাৰীৰ শেহতীয়া ভয়ানক ৰূপ বুলি ভবাৰ কোনো কাৰণ নাই। পৰৱৰ্তী কেইবছৰমানত মানুহে কি শিকিছে ,অহা কেবাবছৰ সেইয়া মনত ৰখা উচিত বুলিও কয় ভাইৰাছ বিশেসজ্ঞই।