Yevgeny Kulesh:অভিনয় কৰি থকাৰ সময়তে ছেট ভাঙি মৃত্যু ৰুচ অভিনেতাৰ

download 1

বলশয় থিয়েটাৰত অভিনয় চলি থকাৰ সময়তে ছেট ভাঙি মৃত্যু বৰণ কৰে ৰাছিয়ান অভিনেতা ইভজেনি কুলেশ। ৩৮ বছৰীয়া কুলেশে শনিবাৰে সন্ধিয়া মস্কোৰ বিখ্যাত থিয়েটাৰত ‘চাদকো’ নামৰ এখন অপেৰাত প্ৰদৰ্শন কৰি আছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয় আৰু ঘটনাস্থলীতে অভিনেতাজনৰ মৃত্যু হয়।

দৰ্শকে জনায়, প্ৰদৰ্শনৰ সময়ত দৃশ্য সলনি কৰোঁতে কুলেশক ছেটৰ এটা গধুৰ অংশৰ তলত হেঁচা খাই । দৰ্শকে প্ৰথমতে ভাবিছিল যে এইটো প্ৰদৰ্শনৰ এটা অংশ।

কিন্তু কুলেশৰ সহ-তাৰকাসকলৰ চিঞৰে তেওঁলোকৰ ধাৰণা সলনি কৰিলে । মঞ্চৰ পৰা, অভিনেতাসকলে চিঞৰি আছিল ‘ইয়াত যথেষ্ট তেজ’, ‘এম্বুলেন্স মাতক’।

বহুতে পুনৰ ছেটৰ সেই অংশটো উঠাই কুলেশক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছিল। কিন্তু তেওঁলোকে ইমান গধুৰ ছেট উঠাব নোৱাৰিলে । আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে পাছত কুলেশৰ মৃতদেহ উদ্ধাৰ কৰে।

বলশয় থিয়েটাৰৰ তৰফৰ পৰা কয় যে অভিনয়ৰ সময়ত যি দিশত খোজ কাঢ়িব লাগিছিল তেওঁৰ তাৰ বিপৰীত দিশত খোজ কাঢ়িছিল ।

তেওঁ বুজিব পৰা নাছিল যে ছেটটো তেওঁৰ ওপৰত সৰি পৰিব । মস্কো আৰক্ষীয়ে কয় যে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হৈছিল তাৰ অনুসন্ধানৰ বাবে এটা তদন্ত আৰম্ভ কৰা হৈছে।

কুলেশে দুটা দশক ধৰি কাম কৰিছে। ২০০২ চনত বলশয় থিয়েটাৰত যোগদান কৰিছিল অভিনেতাগৰাকীয়ে । বিশ্ব বিখ্যাত থিয়েটাৰখনত পূৰ্বতেও এটা মাৰাত্মক দুৰ্ঘটনা সংঘটিত হৈ গৈছে।

Exit mobile version