দৰঙী ৰজাদিনীয়া ৰক্তবৰ্ণৰ মৃন্ময় মূৰ্তিৰ পৰা ১৬ লাখটকীয়া মাৰ্বলৰ মূৰ্তিৰে খদমদম মঙলদৈ

পূজাথলীত সমজ্বল হৈ উঠিছে দৰঙী কলা-কৃষ্টিৰ সম্ভাৰ

IMG 20211012 152321

ক’ভিড মহামাৰীৰ সময়চোৱাত যোৱা বৰ্ষত দূৰ্গা পূজাৰ আয়োজন তাকৰীয়া হৈছিল যদিও এইবাৰ ক’ভিড বিধি অনুসৰণ কৰি পুনৰ প্ৰায় আগৰ দৰেই আয়োজন কৰা হৈছে দূৰ্গাপূজা ৷

মঙলদৈত এইবাৰ কেইখনমান পূজাৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম দেখা গৈছে৷ মঙলদৈত দৰঙী ৰাজপৰিয়ালৰ তিনিখন হাউলী ক্ৰমে গাখীৰখোৱা ৰজা হাউলি, ডাঙৰ ৰজা হাউলি আৰু মোহনপুৰ হাউলিত ৫০০ বছৰীয়া পৰম্পৰা অটুত ৰাখি সোমবাৰে সন্ধিয়াৰ পৰা বেলবোধনেৰে ৰক্তবৰ্ণৰ ( ৰঙা মুখমণ্ডল) দেৱীৰ পূজা আৰম্ভ হৈ আজি সপ্তমী তিথিত নৱপত্ৰিকা পূজা সমাপন হয়৷

গাখীৰখোৱা ৰজা হাউলি পূজা সমিতিৰ সভাপতি কুমাৰ শৈলেন্দ্ৰ নাৰায়ণ দেৱে জনোৱা মতে কাইলৈ পূৱা আঠ বজাত দেৱীৰ চক্ষুদান, ন বজাত বৰখলা পূজা, ১০ বজাত দেৱীৰ মহাষ্টমী পূজা আৰু বিভিন্ন বলি-বিধানৰ উপৰিও ১২-৩০ বজাত “বৰ বলি” (মহ বলি) দিয়া হব৷

উল্লেখ্য যে এইবাৰ দুটাকৈ মহ বলি দিয়া হব বুলি উদ্‌যাপন সমিতিয়ে জনাইছে৷ ইপিনে মঙলদৈৰ বামুনপাৰাত ১৬ লাখটকীয়া মাৰ্বলৰ মূৰ্তিত জিলিকিছে সোনৰ অলংকাৰ৷

বৰ্ণাঢ্য কাৰ্যসূচীৰে মহালয়া ছয় অক্টোবৰৰ পৰা ১০ দিনীয়াকৈ আৰম্ভ হোৱা ২৯ সংখ্যক মঙলদৈ বামুণপাৰা আঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গাপূজাস্থলী আজিও লোকে লোকাৰণ্য হৈ পৰিছে।

ভক্তৰ লানি নিচিগা ভীৰত বীৰ দি বাট নোপোৱা অৱস্থা হৈছে যদিও উদ্যোক্তাসকলে ক’ভিড প্ৰ’টকল ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। উদযাপন সমিতিয়ে জনোৱা মতে, নাম প্ৰসংগ, আৰতি, দুৰ্গাস্ত্ততি আদি কাৰ্যসূচী উদ্যোক্তাসকলে হাতত লৈছে। ইপিনে মহাষষ্ঠীত দেৱী প্ৰতিষ্ঠাৰে পিপৰাদোকান আঞ্চলিক সাৰ্ব্বজনীন শাৰদীয় শ্ৰীশ্ৰী দুৰ্গাপূজা উদ্‌যাপন সমিতিয়ে দলিবাৰীত আয়োজন কৰা দ্বাবিংশতিতম্‌ বৰ্ষৰ দূৰ্গা পূজা অব্যাহত আছে ।

ক’ভিড -১৯ ৰ বাবে প্ৰশাসনে বান্ধি দিয়া, সকলো নীতি-নিৰ্দেশনাৰ মাজেৰে দলিবাৰীস্থিত স্থায়ী পূজা মণ্ডপ প্ৰাঙ্গণত ইতিমধ্যে পূজা উদ্‌যাপনৰ সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি কৰ্ণধাৰ সমিতিৰ সভাপতি হৰিচন্দ্ৰ বৰুৱা, উদ্‌যাপন সমিতিৰ সভাপতি ভূপেন বৰুৱা আৰু সম্পাদক কমলেশ্বৰ ডেকাই জানিব দিয়ে।

এইবেলি মহাঅষ্টমী আৰু মহানৱমী ৰ সন্ধিয়া বিশেষ আকৰ্ষণ হিচাপে দেওধনী নৃত্য প্ৰদৰ্শন কৰা হ’ব বুলি উদ্যোক্তা ৰিপুঞ্জয় কুমাৰ বৰুৱাই জানিব দিয়ে।

আনহাতে ৩১ সংখ্যক চপাই সাৰ্বজনীন দুৰ্গাপূজা আৰু উনত্ৰিংশতম ডাঁহী সাৰ্বজনীন দুৰ্গাপূজা উদ্‌যাপন সমিতিয়ে প্ৰতিদিনে ওজাপালি, নাগাৰা নাম, আয়তীৰ নাম, আৰতি আদি কাৰ্যসূচী হাতত লৈছে । সেইদৰে মুদৈবড়ি সাৰ্বজনীন শিৱ মন্দিৰৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী দুৰ্গাপূজা, বেগামুখত ৪২ সংখ্যক পূব মঙলদৈ শ্ৰী শ্ৰী দুৰ্গাপূজা, চমুৱাপাৰা হস্পিতাল চ’কত ষষ্ঠ সংখ্যক শ্ৰী শ্ৰী দুৰ্গাপূজা উদ্‌যাপন সমিতিয়েও দৰঙী লোক কলা কৃষ্টি উদ্ভাসিত কৰি পূজা উদ্‌যাপনত গুৰুত্ব আৰোপ কৰিছে৷

কাইলৈ মহাষ্টমীত জনাৰামচৌকাত, ৰাজহাউলিত, ৰামহৰি আদিত পঠা, পাৰ, হাঁহ, কোমোৰা আদি বলিদান দিয়া হব ৷ জনাৰামচৌকাত এশৰো অধিক পঠা বলি হব বুলি উদ্‌যাপন সমিতিৰ সম্পাদক ৰমেশ চন্দ্ৰ ডেকাই জনাইছে ৷

মঙলদৈ চহৰত উত্তৰ মঙলদৈ উন্নতি সাধিনী সভাৰ উদ্যোগত, ভেবাৰঘাটত পশ্চিম মঙলদৈ কৃষ্টি সংঘৰ উদ্যোগত, অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ সমীপত (তিনি নম্বৰ ৱাৰ্ড), নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ চৌহদত শান্তিপুৰ দুৰ্গা পূজা উদ্‌যাপন সমিতিৰ উদ্যোগত, ৰাধা কৃষ্ণ মন্দিৰত, এক নম্বৰ শান্তিপাৰাত উদয়ন সংঘৰ উদ্যোগত মহাড়ম্বৰপূৰ্ণভাবে চলিছে পূজা আৰু উৎসৱৰ বিভিন্ন কাৰ্যসূচী ৷

এল এন বি পথৰ প্ৰতিমা সম্পূৰ্ণ অসমীয়া সাজ সজ্জাৰে ( বিহু ববীয়াকৈ) সজ্জিত মূৰ্তিয়ে জেউতি দুগুণে বৃদ্ধি কৰিছে ৷ আটাইকেইখন পূজা মণ্ডপত কালিৰে পৰাই ভীৰ হোৱা পৰিলক্ষিত হৈছে।
_

Exit mobile version