বুৰ্জ খলিফাত ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্ছি

Screenshot 20211014 173542

টি২০ বিশ্বকাপত ভাৰতীয় দলৰ নতুন জাৰ্ছি । বুধবাৰে সেই জাৰ্ছি প্ৰকাশ্যত আনিছে ভাৰতীয় ক্রিকেট বোর্ডে । সামাজিক মাধ্যমত বিৰাট কোহলী, ৰোহিত শর্মা, লোকেশ ৰাহুল, যশপ্রীত বুমৰা আৰু ৰবীন্দ্র জাডেজাক নতুন জার্ছিত দেখিবলৈ পোৱা যায় । ডুবাইৰ বুর্জ খালিফাতো দেখা গ’ল ভাৰতীয় দলৰ জার্ছি ।

২০২০ৰ শেষৰ ফালৰ পৰা ভাৰতীয় দলে যি জার্ছি পৰিধান কৰিব তাৰ স’তে মিল আছিল ১৯৯২ৰ ভাৰতীয় দলৰ জার্ছিৰ । এইবাৰ টি২০ বিশ্বকাপৰ আগ মুহূৰ্তত নতুন জার্ছি পালে ভাৰতে । সেই জার্ছি সমর্থকসকলৰ প্ৰতি লক্ষ্য ৰাখি বনোৱা হৈছে । ভাৰতীয় ক্ৰিকেট দলৰ নতুন জার্ছি বুর্জ খালিফাত দেখি অবাক সমর্থকসকল ।

১৭ অক্টোবৰৰ পৰা আৰম্ভ হ’ব টি২০ বিশ্বকাপ । যোগ্যতা অর্জন পর্বৰ খেল আৰম্ভ হ’ব সেই দিনাখনৰ পৰাই । ২৪ অক্টোবৰৰ পৰা ভাৰতে খেলিব । প্রথম মেচ পাকিস্তানৰ বিৰুদ্ধে । সেই মেচতেই প্রথম নতুন জার্ছি পৰিধান কৰি খেলপথাৰত নামিব ভাৰতীয় দল । এই বিশ্বকাপৰ পাছতেই টি২০ ক্রিকেটত ভাৰতীয় দলৰ নেতৃত্ব ত্যাগ কৰিব কোহলীয়ে ।

Exit mobile version