Bengaluru Building Tilt:বেংগালুৰুত আৰক্ষীৰ আৱাসত হেলনীয়া হৈ পৰিছে সাত মহলীয়া অট্টালিকা, উদ্ধাৰ ৩২টা পৰিয়াল

1634454574 new project 91

বেংগালুৰুৰ আৰক্ষীৰ আৱাসনৰ এটা সাত মহলীয়া অট্টালিকা হেলনীয়া হৈ পৰিছে । ঘটনাটোৱে এতিয়া আৱাসীসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে । ইতিমধ্যে ৩২টা পৰিয়ালক ভৱনটোৰ পৰা উদ্ধাৰ কৰা হৈছে । মাত্ৰ তিনি বছৰ আগতে ভৱনটো নিৰ্মাণ কৰা হৈছিল ।

ইমান কম সময়ৰ ভিতৰতে কেনেকৈ অট্টালিকাটো হেলনীয়া হৈ পৰিল সেয়া বুজিব পৰা নাই আৱাসীসকলে ।আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বাংগালুৰুৰ বিন্নি মিল অঞ্চলৰ অট্টালিকাৰ তলৰ কে’বাটাও ঠাইত ফাট মেলিছে । ফলস্বৰূপে, অট্টালিকাটো এফালে অলপ হেলনীয়া হৈ পৰিছে ।

ভৱনটোৰ বাসিন্দাসকলক নগৰভৱী অঞ্চলৰ এটা অট্টালিকালৈ স্থানান্তৰিত কৰা হৈছে । যোৱা তিনি সপ্তাহত বেংগালুৰুত তিনিমহলা ভাঙি পেলোৱা হৈছে । অৱশ্যে, ঘটনাটোত কোনো প্ৰাণহানি হোৱা নাই।

অত্যাধিক বৰষুণৰ ফলত এটাৰ পাছত এটা বহুমহলীয়া অট্টালিকাৰ হেলনীয়া হোৱাৰ অন্যতম কাৰণ হিচাপে দোষাৰোপ কৰিছে প্ৰশাসনে । বৃহৎ বেংগালুৰু মেট্ৰ’পলিটান আৰক্ষীৰ আয়ুক্ত গৌৰৱ গুপ্তাই কয়, “বাংগালুৰুত এই মাহত স্বাভাৱিক বৰষুণতকৈ দুগুণ বৰষুণ হৈছিল ।

ইয়াৰ ফলত এই সমস্যা হৈছে। আমি কমেও ৩০০ মহলা চিনাক্ত কৰিছো । সেই অট্টালিকাবোৰ ভাঙি পেলাব লাগিব। আমি ইতিমধ্যে সংশ্লিষ্ট মালিকসকললৈ জাননী প্ৰেৰণ কৰিছো। তেওঁলোকক আন ঠাইলৈ যাবলৈ কোৱা হৈছে ।”

Exit mobile version