BTC : গোসাঁইগাঁও সমষ্টিত বিধানসভাৰ উপাধ্যক্ষৰ প্ৰচাৰ

উপ নিৰ্বাচনত পাঁচটা সমষ্টিত জয় নিশ্চিত বিজেপিৰ : ড° নোমল মমিন

উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ২৮ নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিত ৰাজনৈতিক নেতা মন্ত্ৰীৰ ভিৰ লাগিছে । উক্ত সমষ্টিৰ ইউ পি পি এল, বিজেপি, অগপৰ যৌথ প্ৰাৰ্থী জিৰন বসুমতাৰীৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰত নামিল বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন ।‌ শাৰদীয় দুৰ্গা পূজাৰ বাবে কিছুদিন বিৰতিৰ পাছত আজিৰে পৰা ৰাজনৈতিক দলৰ প্ৰচাৰ তীব্ৰতৰ হৈ পৰা সময়তে ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীৰ হৈ বিজেপি দলৰ শীৰ্ষ নেতাই আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে ।

ড° নোমল মমিনে আজি গোসাঁইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কাছিয়াবাৰীৰ ঘাকছা অঞ্চলত নিৰ্বাচনী প্ৰচাৰত অংশ লৈ আগন্তুক উপ নিৰ্বাচনত পাঁচটা সমষ্টিতে বিজেপি আৰু মিত্ৰ জোঁটৰ প্ৰাৰ্থীসকলৰ জয় নিশ্চিত বুলি দাবী কৰে । তেওঁ কয় যে, কংগ্ৰেছৰ দিনত লুণ্ঠন, হত্যা সংঘটিত হৈছিল । বিপিএফৰ সময়ত দুৰ্নীতি হৈছিল । কিন্তু বিজেপিৰ দিনত শান্তি প্ৰতিষ্ঠা হৈছে । বড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে দুখন ডাঙৰ চুক্তি সম্পন্ন কৰিছে ।বিজেপি দলে সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়ন সম-বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ৰাইজৰ স্বাৰ্থৰ বাবে বিভিন্ন জনমুখী আঁচনি হাতত লৈ কাম কৰি আছে । বিজেপিৰ মিত্ৰদল ইউপিপিএলেও বিটিআৰত এক শান্তি আৰু উন্নয়নৰ পৰিৱেশ গঢ়ি তুলিছে ।

উন্নয়ন বিচাৰিলে শাসক দলৰ পক্ষত থাকিব লাগে বুলি কয় নোমল মমিনে । বিটিচিৰ যমদুৱাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিজেপিত যোগ দিয়া বিটিচিৰ কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জিহাৰীয়ে পৰিচালনা কৰা সভাৰ মুখ্য অতিথিৰ ভাষণত মমিনে জাতী-ধৰ্ম নিৰ্বিশেষে সমষ্টিবাসী ভোটাৰ ৰাইজক ইউপিপিএলৰ প্ৰাৰ্থী জিৰন বসুমতাৰীক বিপূল ভোটত জয়ী কৰাই সমষ্টিৰ উন্নয়ন কৰাৰ সুযোগ দিবলৈ আহ্বান জনায় ।

উক্ত প্ৰচাৰ সভাত বিজেপিৰ প্ৰভাৰী তথা বিটিচিৰ প্ৰাক্তন পৰিষদীয় সদস্য জিতু কিষান, প্ৰদেশ বিজেপিৰ জনজাতি কোষৰ সভাপতি শিৱনাথ ব্ৰহ্ম, কোকৰাঝাৰ জিলা সভাপতি ৰাজকুমাৰ ব্ৰহ্ম, বিজেপিৰ যুৱ নেতা ৰিকেশ আগৰৱালকে ধৰি ইউপিপিএল দলৰ স্থানীয় নেতৃবৃন্দই পাঁচশতাধিক ৰাইজৰ সমুখত ভোট বিচাৰি প্ৰচাৰ চলায় ।

Exit mobile version