BTC : গোসাঁইগাঁৱত আৰক্ষী-নিৰাপত্তা বাহিনীৰ ৰুট মাৰ্চ

৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া গোসাঁইগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ আগে-পিছে আইন শৃংখলা বজাই ৰখাৰ বাবে আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম হোৱা বুলি কোকৰাঝাৰ জিলা আৰক্ষীয়ে প্ৰকাশ কৰিছে । আইন শৃংখলাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি গোসাঁইগাঁও পদৰ চহৰ অঞ্চলত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে কুচকাৱাজ প্ৰদৰ্শন কৰে ।

ৰাইজক ক’ভিড বিধি মানি চলিবলৈ আৰু উপ নিৰ্বাচনৰ আগে-পিছে নিৰ্বাচন সংক্ৰান্ত নিয়ম-নীতি মানি চলাৰ উপৰি আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত সমূহ ৰাইজৰ সহযোগিতা কামনা কৰে আৰক্ষীৰ ৰুট মাৰ্চত অংশগ্ৰহণ কৰা জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ।

Exit mobile version