BTR : পাঠশালাত অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কমিটীৰ সংবাদ মেল

গোসাঁইগাঁও, তামুলপুৰ আৰু ভৱানীপুৰত মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰিবলৈ আহ্বান অবড়ো ভোটাৰক

সমাগত উপ নিৰ্বাচনত বি টি আৰৰ অন্তৰ্গত অবড়ো ভোটাৰসকলক মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰিবলৈ আহ্বান জনালে অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কমিটিয়ে ৷ আজি বিয়লি পাঠশালাত এক সংবাদ মেল সম্বোধন কৰি এই সিদ্ধান্ত জনায় অবড়ো সুৰক্ষা সমিতিয়ে ।

উল্লেখ্য যে বিটিআৰত বাস কৰা অবড়ো ৰাইজৰ দীৰ্ঘদিন ধৰি ভাষাৰ সমস্যা, ভূমিৰ সমস্যা, গাঁও কৰ্তন ইত্যাদি বিষয়ৰ সমাধানৰ বাবে চৰকাৰৰ স’তে আলোচনা চলি আছে আৰু চৰকাৰে এইসমূহ সমস্যা সমাধানৰ বাবে সদিচ্ছা জনাই প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে ৷ ইয়াৰ উপৰি বিগত সময়ত অবড়ো আন্দোলনত শ্বহীদ হোৱা পৰিয়ালক অহা ৩০ অক্টোবৰৰ ভিতৰত চৰকাৰে সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত সমাগত উপ নিৰ্বাচনত বিটিআৰৰ অন্তৰ্গত গোসাঁইগাঁও, তামুলপুৰ আৰু ভৱানীপুৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰি জয়যুক্ত কৰিবলৈ অবড়ো ভোটাৰক আজি সংবাদ মেলাৰ জৰিয়তে আহ্বান জনায় অবড়ো সুৰক্ষা সমিতিয়ে ৷

আনহাতে, আজিৰ সংবাদ মেলত অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্ত, সম্পাদক মাধৱ ৰাজবংশী, সভাপতি ললিত হেমব্রম, মুখপাত্ৰ সোনাৰাম দাস আদিকে ধৰি সকলো জিলা সমিতিৰ সম্পাদক, সভাপতি উপস্থিত থাকি এইক্ষেত্ৰত সাংসদ নৱ কুমাৰ শৰণীয়াই অবড়ো সুৰক্ষা সমিতিৰ স’তে কোনো ধৰণৰ যোগাযোগ ৰখা নাই বুলিও অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বই আজি ব্যক্ত কৰে ৷

মুখ্যমন্ত্ৰী আৰু প্ৰমোদ বড়োৰ স’তে হোৱা আলোচনাৰ আশানুৰূপ ফল পাইছে বিটিআৰৰ অবড়ো ৰাইজে। সংবাদ মেলত এই কথা সদৰী কৰে । বিটিআৰৰ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত এই সিদ্ধান্ত ।

Exit mobile version