প্ৰতিবছৰৰ দৰে এইবাৰো কাতি বিহু উদযাপন কৰাৰ বাবে সাজু হৈছে অসমবাসী ৰাইজ । যদিও অনুষ্টুপিয়া তথাপিও বিহু উপলক্ষে গাঁৱলীয়া সমাজখন আজি অত্যন্ত ব্যস্ত । উল্লেখ্য অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ অনাড়ম্বৰ ভাৱে পালন কৰি আহিছে। কিয়নো এই সময়ত সৰহ ভাগ কৃষকৰ ভঁৰাল উদং হয় । কিন্তু তাৰ বিপৰীতে পথাৰত সোনগুটিয়ে থোক মেলে । সেই আনন্দতে কৃষকে পালন কৰে কাতি বিহু ।
বিহুৰ দিনা তুলসী ৰোৱাৰ বাবে আজিয়েই বহু লোকক তুলসী সংগ্ৰহ কৰা দেখা যায় । বিশেষকৈ চহৰ অঞ্চলৰ প্ৰায়সংখ্যক লোকে আজিয়েই বজাৰত তুলসীৰ পুলি ক্ৰয় কৰে । কংক্ৰীটৰ মহানগৰী গুৱাহাটীতো বিভিন্ন অনুষ্ঠানে তথা ব্যক্তিগত ভাবে অনুষ্টুপিয়াকৈ কাতি বিহু পালন কৰিবলৈ প্ৰস্তুতি সম্পন্ন কৰিছে । সেই দিশটোলৈ লক্ষ্যঃ ৰাখি মহানগৰীৰ বজাৰসমূহত উপলব্ধ হৈছে বিহুৰ প্ৰয়োজনীয় সা সামগ্ৰী ।

আজি মহানগৰীৰ প্ৰায়বোৰ বজাৰ তুলসীৰ পুলি , মাটিৰ চাকি, কেঁচা তামোল-পান, ধানৰ শিৰাৰ লগতে অন্যান্য সামগ্ৰীৰে ভৰি পৰিছে । গুৱাহাটীৰ গণেশগুৰি বজাৰত তুলসী পুলিৰ মূল্য প্ৰতিডালত ২০-৩০ টকা । নলবাৰীৰ বিভিন্ন ঠাইৰ পৰা তুলসীৰ পুলিসমূহ অনা হৈছে বুলি বিক্রেতাই জানিবলৈ দিয়ে । তেনেদৰে চাকি(মধ্যমীয়া) প্ৰতি ডজনত ৩৫ টকা, ডাঙৰ চাকি প্ৰতি ডজন ৬০ টকা । ইফালে নৈবেদ্যৰ লগত আগবঢ়োৱা কেঁচা তামোল-পাণ প্ৰতি যোৰাৰ মূল্য ১০ টকা । ধানৰ শিৰা ২০ টকা । তেনেদৰে মালভোগ কল প্ৰতি ডজন ৭০-৮০ টকা , ডাব নাৰিকল প্ৰতিটো ত ৩০-৪০ টকা , শুকান নাৰিকল প্ৰতি যোৰাৰ মূল্য ১২০ টকা ।
পল্টনবজাৰতো তুলসী পুলিৰ লগতে এই বিহুত প্ৰয়োজন হোৱা নানা সামগ্ৰী উপলব্ধ হৈছে । বিজয়নগৰ , মিৰ্জা শুৱালকুচি , দদৰা আদি ঠাইৰ পৰা তুলসী পুলি অনা হৈছে বুলি বেপাৰী সকলে জানিবলৈ দিয়ে ।উল্লেখ্য, কাতি বিহুৰ গোহার্থ বুজোৱাৰ লগতে এই বিহুটি যাতে লুপ্ত হৈ নাযায় সেই উদ্দেশ্যে বিগত বৰ্ষসমূহত অসম চৰকাৰৰ তৰফৰ পৰাও ব্যাপক ৰূপত কাতি বিহু উদযাপন কৰা হয় ।





























