Kitchen Tips : কিনি ৰখা আটা-ময়দা, চুজি-বেচনত পোকে ধৰে নেকি ? কেনেদৰে ৰক্ষা পাব

WheatFlour Lead

ৰন্ধনঘৰত ময়দা, আটা আৰু বেচনটো মজুত থাকেই । এই আটা-ময়দা-বেচন-চুজি মজুত কৰিবলৈ গৈ অনেকেই বেচ সমস্যাত পৰে । বেছি দিন হ’লে লাহে লাহে পোকে ধৰিবলৈ লয় । তেতিয়া সম্পূৰ্ণ খাদ্যখিনিয়ে নষ্ট হয় ! এই সমস্যাৰ পৰা হাত সাৰিবলৈ অধিক সংখ্যক লোকেই কম পৰিমাণে কিনে । ফলত বাৰে বাৰে দোকান যাবলগীয়া হয় । বিশেষকৈ আটাটো সদায়েই লাগে । সেয়ে জানি ল‌ওক এই সামগ্ৰীসমূহ ভালে ৰখাৰ সঠিক পদ্ধতি ।

কি কৰিলে পোকে নধৰিব ?

১) আটা বেছি দিন ভালে ৰাখিবলৈ আটাৰ মাজত কেইখিলামান নিমপাত ৰাখক । নিমপাত নাপালে কেইটামান তেজপাত দি থ‌ওক । এনে কৰিলেই পোক-পৰুৱাৰ পৰা মুক্তি পাব ।

২) ময়দা আৰু বেচনত আটাইতকৈ বেছি পোকে ধৰে । এবোৰ দীর্ঘদিন ভালে ৰাখিবলৈ বতাহ নোসোমোৱা বয়ামত ৰাখক । পেকেট কাটি খোলা অৱস্থাত নাৰাখিব । অৱশ্যে ময়দা বা বেচনত কেইটামান ডাঙৰ ইলাচী মিহলি কৰি ৰাখক ।

৩) চুজি ভালে ৰাখিবলৈ শুকান কেৰাহীত ভাজি ল‌ওক । তাৰ পাছত ঠাণ্ডা কৰক । এইবাৰ তাত ৮-৯ টা ডাঙৰ ইলাচী মিহলি কৰক । ইয়াৰ পাছত এটা বতাহ নোসোমোৱা বয়ামত ভৰাই ৰাখক । দীর্ঘদিন ভাল হৈ থাকিব ।

Exit mobile version