চুবুৰীয়া বাংলাদেশত দুষ্কৃতীকাৰীৰ আক্ৰমণত বিধ্বস্ত ইস্কন মন্দিৰ, প্রতিদিনে সন্ন্যাসীসকলৰ মৃতদেহ পোৱা গৈছে, সেই সময়তেই বাংলাৰ মায়াপুৰ ইস্কন মন্দিলত দেখা গ’ল অন্য ছবি । সম্প্রীতিৰ অনন্য নজিৰ তৈয়াৰ হ’ল মায়াপুৰ ইস্কন-ত ।
আজি উদ্বোধন হয় ইস্কন ভক্তসকলে প্ৰস্তুত কৰা পাণ্ডৱ সেনাৰ শিৱ মন্দিৰ । নদীয়া জিলা পৰিষদৰ কর্মাধ্যক্ষ তাৰান্নুম ছুলতানা মীৰৰ উপস্থিতিতেই শিৱলিংগৰ মহা অভিষেক হয় । শিৱলিংগৰ মহা অভিষেকৰ মাধ্যমেই উদ্বোধন হয় সুসজ্জিত পাণ্ডৱ সেনাৰ শিৱ মন্দিৰৰ । হিন্দু-মুছলিমৰ বিভাজন পাহৰি পাণ্ডৱ সেনাৰ শিৱ মন্দিৰ উদ্বোধনত উপস্থিত আছিল সকলোৱে । মহা অভিষেকৰ সময়ত শিৱক পানী ঢালে তাৰান্নুম ছুলতানা মীৰেও।
তেওঁ কয়, “মায়াপুৰত আমি সকলোৱে শ্রীচৈতন্য মহাপ্রভুৰ আদর্শ লৈ বসবাস কৰো । ইয়াত কেতিয়াও বাংলাদেশৰ দৰে সম্প্রীতি বিঘ্ন নঘটে ।” একেই কথাই শোনা গ’ল ইস্কন বিষয়া অলক গোবিন্দ দাসৰ মুখতো । প্রসংগত, সামাজিক মাধ্যমত গুজবক কেন্দ্র কৰি বুধবাৰৰ পৰাই বাংলাদেশৰ বিভিন্ন ঠাইত হিংসাৰ সৃষ্টি হৈছে । হিংসাত ইতিমধ্যে ইস্কন-ৰ দুজন সন্ন্যাসীয়ে প্রাণ হেৰুৱাইছে ।