Sherlyn Chopra-Raj Kundra:ৰাজ শিল্পাৰ বিৰুদ্ধে এফআইআৰ শ্বাৰ্লিন চোপ্ৰাৰ

1634463609 sherlyn

ৰাজ কুন্দ্ৰা আৰু শিল্পা চেট্টীৰ বিৰুদ্ধে বৃহস্পতিবাৰে আৰক্ষীত অভিযোগ দাখিল কৰিছিল অভিনেত্ৰী শ্বাৰ্লিন চোপ্ৰাই। ইয়াৰ আগতেও পৰ্ণ কাণ্ডক লৈ মুখ খুলিছিলে অভিনেত্ৰীগৰাকীয়ে।

ADVERTISEMENT

১৪ অক্টোবৰত পুনৰ এই ঘটনাটোক লৈ ৰাজ আৰু শিল্পাৰ ওপৰত যৌন আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল শ্বাৰ্লিনে ।

সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয়, “মই ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে যৌন নিৰ্যাতন, প্ৰৱঞ্চনা আৰু অপৰাধমূলক কাৰ্যকলাপৰ বাবে এজাহাৰ দাখিল কৰিছো। “

সাক্ষাৎকাৰৰ আগতে ৰাজ-শিল্পাই উকীলসকলৰ জৰিয়তে আইনী বিবৃতি দিছিল। তাৰকা দম্পতীহালে দাবী কৰিছিল যে যদি ছাৰ্লিনে ৰাজহুৱাভাৱে তেওঁলোকৰ বিৰুদ্ধে কিবা কয় তেন্তে সেইয়া ‘মানহানি’ হিচাপে ধৰা হ’ব।

পৰ্ণ কাণ্ডক কেন্দ্ৰ কৰি চাঞ্চল‍্যকৰ তথ্য প্রকাশ কৰিবলৈ বৃহস্পতিবাৰে মুম্বাইৰ সাংবাদমেল আহ্বান কৰে শ্বাৰ্লিনে । এই পদক্ষেপক সমালোচনা কৰি ৰাজ-শিল্পাৰ অধিবক্তাসকলে দাবী কৰে, ” সংবাদমেল আহ্বান কৰি নিঃসন্দেহে আদালতৰ নিৰ্দেশক অপমান কৰিছে শ্বাৰ্লিনে ।তেওঁ ৰাজহুৱাভাৱে যি কয় তাৰ বাবে তেওঁ আইনী জটিলতাৰ সন্মুখীন হ’ব। “

পৰ্ণ কাণ্ডৰ গোচৰত জুলাই মাহত গ্ৰেপ্তাৰ হৈছিল ৰাজ কুন্দ্ৰা । যোৱা ২১ ছেপ্টেম্বৰত আৰ্থাৰ ৰোড আৰক্ষী থানাৰ পৰা তেওঁ জামিন পাই । মুম্বাই আৰক্ষীয়ে শ্বাৰ্লিন চোপ্ৰাকে ধৰি আন বহুতো সাক্ষীৰ ভাষ্যৰ স’তে ১৫০০ পৃষ্ঠাৰ অভিযোগপত্ৰ এখন প্ৰস্তুত কৰিছিল।

এই ঘটনাক লৈ বাৰে বাৰে মুখ খুলিছে শ্বাৰ্লিনে । আগষ্টত মুম্বাইৰ অপৰাধ শাখাত তেওঁক সোধা-পোছাৰ বাবে মাতি অনা হৈছিল।

দীঘলীয়া জেৰাৰ পাছত ছাৰ্লিনে সংবাদ মাধ্যমক কয়, “আৰ্মছ প্ৰাইমৰ স’তে মোৰ চুক্তি আৰু কামৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছে। ৰাজ কুন্দ্ৰাৰ স’তে মোৰ ব্যক্তিগত সম্পৰ্ক কেনেকোৱা আছিল সেই বিষয়েও মোক প্ৰশ্ন কৰা হৈছে। মই অনুসন্ধানৰ সুবিধাৰ বাবে যিমান সম্ভৱ সহায় কৰিছো। মই বিচাৰো যে এই কেলেংকাৰীত ক্ষতিগ্ৰস্ত হোৱা সকলো ছোৱালীৰ বিচাৰ কৰা হ’ব। “

Exit mobile version