পাকিস্তানত সম্প্রতি মূল্যবৃদ্ধিয়ে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দেশখনত মুদ্রাস্ফীতিৰ হাৰ ১২.৬৬ শতাংশলৈ বৃদ্ধি পাইছে।
খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি পেট্রল-ডিজেললৈকে সকলােবােৰ সামগ্ৰীৰ মূল্য দেশখনত দ্রুত বৃদ্ধি পাইছে। বর্তমানে পাকিস্তানত পেট্রলৰ মূল্য লিটাৰত ১৩৭.৭৯ টকা আৰু ডিজেল লিটাৰত ১৩৪.৪৮ টকা হৈছে।
একে সময়তে দেশখনত বিলাহী, আলু, ঘিউ, ছাগলীৰ মাংসৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। সবাতােকৈ অধিক মূল্য বৃদ্ধি হৈছে খাদ্য তেলৰ। পাকিস্তানৰ বজাৰত সম্প্রতি সৰিয়হ তেলৰ প্রতি লিটাৰৰ মূল্য ৪০০ টকালৈ বৃদ্ধি পাইছে। ৰিফাইন তেল, ছয়াবিন তেল, সূর্যমুখী তেলৰ মূল্যও উর্ধ্বমুখী হৈছে।