বিদ্যুৎ, পেট্রল-ডিজেলৰ মূল্যবৃদ্ধি : প্রতি পাকিস্তানী নাগৰিকে এক লাখ ৭৫ হেজাৰ টকাৰ ঋণৰ বােজা বব লগা হৈছে

দেউলীয়া পাকিস্তানক এক বিলিয়ন ডলাৰৰ ঋণ নিদিলে আই এম এফে

PakistanIMFBailout 22864704

ঋণ লৈ ঋণ পৰিশােধ কৰা দেউলীয়া পাকিস্তানক মাধমাৰ শােধালে আন্তর্জাতিক মুদ্রা নিধি (আই এম এফ)য়ে। আই এম এফে পাকিস্তানক এক বিলিয়ন ডলাৰৰ ঋণ প্রদান কৰিবলৈ অস্বীকাৰ কৰিলে। আই এম এফক সন্তুষ্ট কৰিবলৈ ইমৰান খানৰ চৰকাৰে বিদ্যুৎ আৰু পেট্রল-ডিজেলৰ মূল্য যথেষ্ট বৃদ্ধি কৰিলে যদিও আন্তর্জাতিক বিত্তীয় সংস্থাটোৱে পাকিস্তানৰ ভূমিকাক এতিয়াও সন্তুষ্টি প্রকাশ কৰা নাই।

ADVERTISEMENT

আই এম এফৰ পৰা ঋণ লাভ নকৰিলে ইমৰানে চীন আৰু আৰৱৰ দেশৰ পৰা পুনৰ ঋণ বিচাৰিবলৈ বাধ্য হ’ব।দৰাচলতে আই এম এফে পাকিস্তান চৰকাৰক দেশখনৰ দেউলীয়া বিত্তীয় পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অর্থনৈতিক পুনৰুত্থানৰ বাবে ছয় বিলিয়ন ডলাৰৰ ঋণ প্রদান কৰিবলৈ সিদ্ধান্ত লৈছিল।

ইয়াৰ এক কিস্তি হিচাপে এক বিলিয়ন ডলাৰ পাকিস্তানক আই এম এফে দিয়াৰ কথা আছিল। কিন্তু শেহতীয়াভাৱে পাকিস্তান চৰকাৰৰ কাম-কাজত তীব্র অসন্তুষ্টি প্রকাশ কৰি আই এম এফে এক বিলিয়ন ডলাৰৰ ঋণৰ কিস্তি দেশখনক আদায় দিবলৈ অসন্মতি প্রকাশ কৰিলে।

আই এম এফক এই ক্ষেত্ৰত সন্মত কৰাবলৈ পাকিস্তান প্রধানমন্ত্রী ইমৰানে যথেষ্ট চেষ্টা চলাইছে। এই উদ্দেশ্যৰে ইমৰানে অলপতে বিদ্যুতৰ মাচুল প্রতি ইউনিটত ১.৩৯ টকাকৈ, পেট্র’লৰ মূল্য লিটাৰত ১০.৪৯ টকা, ডিজেলৰ মূল্য লিটাৰত ১২.৪৪ টকাকৈ বৃদ্ধি কৰিছিল।

কিন্তু ইয়াৰ পাছতাে আই এম এফে পাকিস্তানক নির্দিষ্ট পৰিমাণৰ ঋণ আদায় দিবলৈ অস্বীকাৰ কৰিলে। ইমৰানৰ চৰকাৰে আই এম এফৰ পৰা এইদৰে ঋণ লৈ চৰকাৰে পূর্বে গ্রহণ কৰা আন ঋণ পৰিশােধৰ ব্যৱস্থা লৈছে। পাকিস্তানে ইমানে বিদেশী ঋণ গ্রহণ কৰিছে যে সম্প্রতি প্রতিজন পাকিস্তানী নাগৰিকে এক লাখ ৭৫ হেজাৰ টকাৰ ঋণৰ বােজা বব লগা হৈছে।

Exit mobile version