ইউৰিক এচিডৰ উপসর্গ সমূহ
★ভৰিৰ গাঁঠিৰ বিষ
★বিশেষকৈ গাঁঠিৰ বিষ হয়
★প্ৰথমে ভিৰৰ বুঢ়া আঙুলিটোৰ বিষ হয় ,ৰঙা পৰে আৰু আঙুলি ফুলিব ধৰে ।
★বিষৰ লগতে কেতিয়াবা সামান্য জ্বৰো উঠিব পাৰে
কি খালে হ’ব পাৰে ইউৰিক এচিড
★সাধাৰণতে দেখা যায় আমাৰ খাদ্য প্ৰণালীয়ে ইউৰিক এচিডত বহুতখিনি প্ৰভাৱ পেলায়।
★অত্যাধিক প্ৰ’টিন গ্ৰহণ কৰিলেও ইউৰিক এচিড বৃদ্ধি হোৱাৰ আশংকা থাকে।
ইউৰিক এচিডৰ উপসর্গ দেখিলেই লওক চিকিৎসকৰ পৰামৰ্শ
★যদি বহু বছৰ ধৰি এজন লোকে ইউৰিক এচিডত ভুগি আছে আৰু তেওঁ চিকিৎসকৰ পৰামৰ্শ অবিহনে বিষৰ ঔষধ গ্ৰহণ কৰি আছে তেন্তে তেওঁৰ কিডনীত প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে।
★সকলো সময়তে যদি ইউৰিক এচিড উচ্চ পৰিমাণত থাকে তেন্তে ই কেতিয়াবা কিডনীত পাথৰৰ সৃষ্টি কৰিব পাৰে।
★যদি ইউৰিক এচিড হোৱা বুলি গম পাই বা উপসর্গসমূহ লক্ষ্য কৰে তেন্তে শীঘ্ৰেই চিকিৎসৰ পৰামৰ্শ লৈ ইয়াক পৰীক্ষা কৰাওক ।
★ইউৰিক এচিড থকা বুলি গম পালে ইয়াক সাধাৰণ ভাবে সহজে ল’ব নালাগে ।ইয়াক গভীৰ ভাৱে আলোচনা কৰি সুপ্ৰৰামৰ্শ ,সুখাদ্য আৰু সুজীৱনশৈলী দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব লাগে।