shooting in space: শ্বুটিং মহাকাশত, ‘প্ৰত্যাহ্বান’ক নেওচি উভতিল তেওঁলোক

1634519608 actress space

শ্বুটিং সম্পন্ন কৰি নির্বিঘ্নে উভতি আহিল নায়িকা আৰু পৰিচালক । উভতি আহিল পৃথিৱীত । বিগত ১২ দিন ধৰি তেওঁলোক আন্তর্জাতিক মহাকাশ কেন্দ্র (আইএছএছ)-ত শ্বুটিং কৰিছিল । এয়ে প্রথম ছেটৰ পৰিৱৰ্তে সঁচা সঁচি মহাকাশত শ্বুটিং হ’ল কোনো ছবিৰ ।

ৰুছ অভিনেত্রী ইউলিয়া পেৰেছিল্ড (৩৭), প্রযোজক-পৰিচালক ক্লিম শ্বিপেংকা (৩৮) আৰু মহাকাশচাৰী ওলেগ নোভিৎস্কিক লৈ আজি স্থানীয় সময় পুৱা ১০ বাজি ৩৫ মিনিটত কাজাখস্তানৰ ‘ৰিকভাৰী ছাইট’ত নামি আহে ছয়ুজ এমএছ-১৮ মহাকাশযানৰ ৰি-এনট্রি মডিউল । উলিয়াই অনা হয় তিনি যাত্রীক । ‘দ্য চেলেঞ্জ’ ছবিৰ ইউনিটে সকলোবোৰ দৃশ্যও তুলি ৰাখিছে কেমেৰাত । সেয়াও ছবিৰেই অংশ ! আন্তর্জাতিক মহাকাশ কেন্দ্রৰ পৰা এই প্রত্যাৱর্তনত সময় লাগিছে চাৰে তিনি ঘণ্টা ।

বিগত বৰ্ষত নাছা আৰু এলন মাস্কৰ ‘স্পেছ এক্স’ সংস্থাৰ স’তে যুতীয়াভাৱে হলিউডৰ এখন ছবিৰ কথা ঘোষণা কৰিছিল অভিনেতা টম ক্রুজে । এক বিশেষ ধৰণৰ মহাকাশ-যুদ্ধত ‘মিছন ইম্প’ছিবল’-ৰ নায়ক, তথা আমেৰিকাক প্ৰত্যাহ্বান দিব ৰাছিয়াই । এজন অসুস্থ মহাকাশচাৰীক ৰক্ষা কৰিবলৈ আম্তর্জাতিক মহাকাশ কেন্দ্রত ভৰি দিয়া এগৰাকী চিকিৎসকৰ চৰিত্রত অভিনয় কৰিছে ইউয়ুলিয়াই । অসুস্থ মহাকাশচাৰীৰ চৰিত্রত নোভিৎস্কি স্বয়ং, যিয়ে বিগত ছমাহ ধৰি মহাকাশ কেন্দ্রতেই আছিল । ইয়াৰ উপৰি আন এক মহাকাশচাৰীয়ে অভিনয় কৰিছে এই ছবিত ।

শুটিং কৰোতে পর্দাৰ দৰে বাস্তৱৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ফিল্ম ইউনিট । যোৱা পাঁচ অক্টোবৰত ইউলিয়া হঁতক লৈ যোৱাৰ সময়ত স্বয়ংক্রিয় পদ্ধতিৰ সলনি মেনুৱেল পদ্ধতিত মহাকাশযানখনক মহাকাশ কেন্দ্রত সংযুক্ত কৰিবলৈ বাধ্য হয় কমাণ্ডাৰ আন্তন স্কাপলেৰভ । যোৱা শুকুৰবাৰে উভতাৰ যাত্রাৰ বাবে ছয়ুজ এমএছ-১৮ যানখনক পৰীক্ষা কৰাৰ সময়ত হঠাৎ তাৰ ‘থ্রাষ্টাৰ’ আৰম্ভ হৈ যায়‌ । সমগ্ৰ মহাকাশ কেন্দ্র‌ই কঁপি উঠে । প্রায় আধা ঘণ্টা পাছত যানখন ভাল হয় ।

উভতি আহি ইউলিয়াই কয়, ‘‘১২টা দিন কম নহয় । কাম শেষ হোৱাৰ পাছতো উভতিবলৈ মন যোৱা নাছিল ।’’ সম্প্ৰতি পৃথিৱীতো বহু শ্বুটিং বাকী আছে । শোনা যায়, ছিকুৱেলো হ’ব এই ছবিৰ । সেইবাৰ যাৱতীয় কাণ্ডকাৰখানা ঘটিব মঙলগ্রহত । তাৰ শ্বুটিং ক’ত হয়, সেয়া হ’ব লক্ষণীয় ।

Exit mobile version