এইজনে হৈছে বিশ্বৰ সবাতোকৈ দীঘল নাকৰ গৰাকী

Man 71 officially has the longest nose in the world

তুৰস্ক নিবাসী ৭১ বছৰীয়া মেহমেট অ’জয়ুৰেকৰ নাকটোৱে হৈছে বিশ্বৰ সবাতােকৈ দীঘল মানৱ নাক। আমােদজনক কথাটো হৈছে এই বয়সততা মেহমেটৰ নাকটোৰ দৈর্ঘ্য বৃদ্ধি অব্যাহত আছে।

মেহমেটৰ নাকটো ৩.৫ ইঞ্চি অর্থাৎ প্রায় ৮.৮ ছেন্টিমিটাৰ দীঘল। গিনীজ ৱর্ল্ড ৰেকর্ডে ১১ বছৰ পূর্বে মেহমেটৰ নাকটোক বিশ্বৰ সবাতােকৈ দীঘল নাকৰ স্বীকৃতি দিছিল।

শেহতীয়াভাৱে গিনীজ ৱৰ্ল্ড ৰেকর্ডে জনােৰা অনুসৰি, মেহমেটৰ নাকটোৱে পূৰ্বৰ স্বীকৃতি অক্ষুগ্ন ৰাখিছে আৰু ২০২১ বর্ষতে এইটো নাকেই হৈছে বিশ্বৰ সবাতােকৈ দীঘল নাক।

দ্য মিৰৰৰ বাতৰি অনুসৰি,মেহমেটতকৈ দীঘল নাক বিশ্বত আন কোনাে ব্যক্তিৰ নাই। যােৰা আঠ অক্টোবৰত গিনীজ ৰ ৰেকর্ডে টুইট কৰি এইদৰে কৈছিল, ‘আজিৰ দিনটোতে ২০১০ত তুৰস্ক নিবাসী মেহমেটক আনুষ্ঠানিকভাবে বিশ্বৰ সবাতােকৈ দীঘল নাকৰ গৰাকী জীবিত ব্যক্তি হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু এই স্বীকৃতি বাহাল আছে।

অৱশ্যে ইতিহাসত মেহমেটে সবাতােকৈ অধিক দীঘল নাকৰ অধিকাৰী নহয়। ইতিহাসত সবাতােকৈ অধিক দীঘল নাকৰ বিশ্ব অভিলেখ চা ব্যক্তিজনৰ নাম হৈছে ব্রিটেইনৰ টামছ ভেডর্চ।

১৮ শতিকাত ব্রিটেইনৰ য়র্কশ্বায়াৰ অঞ্চলত বসবাস কৰা টামছৰ নাকটো আছিল অবিশ্বাস্যভাৱে দীঘল। টামছৰ নাকৰ দৈর্ঘ্য আছিল ৭.৫ ইঞ্চি অর্থাৎ ১৯ ছেণ্টিমিটাৰ। টামছে এটা চার্কাহু পার্টিত কাম কৰিছিল আৰু এই চাকাছত তেওঁ দৰ্শকসকলক নিজৰ দীঘল নাকটো প্রদর্শন কৰিছিল।

এই চার্কাছখনে সেই সময়ত সমগ্র য়র্কশায়াৰ ভ্ৰমণ কৰি চাৰ্কাছ প্রদর্শন কৰিছিল আৰু এই চাৰ্কাছ দলটোৰ অন্যতম এক আকৰ্ষণ আছিল বিশ্বৰ সবাতোকৈ দীঘল নাকৰ প্ৰদৰ্শনী ।

টামছে নিজৰ নাকটো প্ৰদৰ্শন কৰিয়ে জীৱিকা আহৰণ কৰিছিল।পাছত টামছৰ দীঘল নাকৰ ম’মৰ মূৰ্তি তৈয়াৰ কৰি বিশ্বৰ বিভিন্ন সংগ্ৰহালয়ত ৰখা হৈছে।

Exit mobile version