ভৱানীপুৰৰ উপ নিৰ্বাচন, চি ভিজিল এপত অভিযোগ দিয়ক

cvigil broucher.png.7e7f29204703faa55dcd8d70257313a4

ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰস্তুতি বজালী জিলা প্ৰশাসনে ইতিমধ্যে তুঙ্গত তুলিছে । নিৰ্বাচন সংক্ৰান্তত গঠন কৰা কোষবোৰে ক্ষীপ্ৰতাৰে নিজৰ নিজৰ বিভাগীয় কামবোৰ কৰি প্ৰস্ত্ততি প্ৰায় চমুৱাই আনিছে ।

ইপিনে সকলোবোৰ দিশ তৎপৰতাৰে পৰ্যবেক্ষণ কৰি নিৰ্বাচন প্ৰক্ৰিয়া সুকলমে সমাপন কৰিবলৈ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ব্যাপক সতৰ্কতা অবলম্বন কৰিছে ।

উল্লেখ্য যে ভৱানীপুৰৰ উপ নিৰ্বাচন সংক্ৰান্তত কোনো দল সংগঠন অথবা ব্যক্তিয়ে যদি নিৰ্বাচনৰ আচৰণ বিধি উলংঘন কৰি কোনো অসৎ কাৰ্য সংঘটিত কৰে তেনেহলে নিৰ্দিষ্ট তথ্যৰ আধাৰত প্ৰামাণ্য ফটো অথবা নথিৰে চি ভিজিল এপত অভিযোগ দাখিল কৰিবলৈ জনসাধাৰণক উপায়ুক্তই আহ্বান জনাইছে ।

আনহাতে চি ভিজিল এপত অভিযোগ দাখিল কৰিবলৈ যি সকলে অসুবিধা পায় তেওলোকে ০৩৬৬৬২৯৬৯৯৫ আৰু টোল ফ্ৰী নম্বৰ ১৯৫০ ত নিৰ্দিষ্ট তথ্যৰ আধাৰত ফোন কৰি অভিযোগ দিব পাৰিব ।

নিৰ্বাচন কৰ্তৃপক্ষই অভিযোগ পোৱাৰ এশ মিনিটৰ ভিতৰত প্ৰাপ্ত অভিযোগৰ চয় নিচয় কৰিব । সেয়ে এনে প্ৰেক্ষাপটত কোনোৱে আচৰণ বিধি ভঙ্গ অথবা অসৎ কাৰ্যৰ আশ্ৰয লয় তেনেহলে জনসাধাৰণক তাৎক্ষণিক ভাৱে অভিযোগ দিবলৈ উপায়ুক্ত ই আহ্বান জনাইছে ।

Exit mobile version