Delta Variant : নিপাহৰ ‘ডেল্টা’ প্রজাতিৰ আগমন ঘটিলে মৃত্যুৰ হাৰ ৫০ শতাংশ বৃদ্ধি পাব : সকীয়নি বিজ্ঞানীৰ

AP21168523050215

কৰ’নাৰ সংক্রমণ বিশ্বত লাহে লাহে হ্রাস পাবলৈ ধৰাৰ সময়তে বিজ্ঞানীসকলে আন এক মহামাৰীৰ শংকাক লৈ বিশ্ববাসীক সকীয়ালে।

এষ্ট্রাজেনেকাৰ কৰ’না প্ৰতিৰােধী প্রতিষেধক উদ্ভাৱনকাৰী দলৰ সদস্য ডেম ছাৰা গিলবার্টে এইবাৰ নিপাহ ভাইৰাছৰ সন্দৰ্ভত বিশ্ববাসীক সকীয়নি দি কয় যে এই ভাইৰাছৰ ‘ডেল্টা’ প্রজাতিৰ সংক্রমণে মহামাৰীৰ ৰূপ লােৱাৰ যথেষ্ট শংকা আছে আৰু এই প্রজাতিৰ ভাইৰাছৰ সংক্রমণ ঘটিলে মৃত্যুৰ হাৰ ৫০ শতাংশলৈকে বৃদ্ধি পাব পাৰে।

লণ্ডনত এক অনুষ্ঠানত অংশ লােৱাৰ সময়ত গিলবার্টে কয়, ‘যদিহে নিপাহ ভাইৰাছৰ ‘ডেল্টা’ প্রজাতিৰ সৃষ্টি হয়, তেন্তে ই যথেষ্ট সংক্রামক হ’ব আৰু এই ভাইৰাছত আক্রান্ত লােকৰ মৃত্যুৰ হাৰ ৫০ শতাংশলৈ বৃদ্ধি পাব পাৰে।

বর্তমানে নিপাহ ভাইৰাছত আক্রান্ত ৰােগীক সুস্থ কৰাৰ বাবে কোনাে নির্দিষ্ট ফলপ্রসূ চিকিৎসা পদ্ধতি নাই আৰু এতিয়ালৈকে এইবিধ ভাইৰাছৰ প্রতিষেধকো উপলব্ধ হােৱা নাই।’

এই বিশ্বত বহু পূর্বৰে পৰা এই ভাইৰাছ আছে। আমেৰিকাৰ চেণ্টাৰ ফ’ৰ ডিজিজ কন্ট্র’ল এণ্ড প্রিভেনচন বিভাগে নিপাহ ভাইৰাছক যথেষ্ট সংক্রামক আখ্যা দি ইয়াক কৰ’নাতকৈও অধিক ঘাতক বুলি অভিহিত কৰিছিল।

কৰ’নাত আক্ৰান্তৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ হৈছে এক শতাংশ, কিন্তু নিপাহত সংক্রমিতৰ মৃত্যুৰ হাৰ হৈছে ৪০ শতাংশতকৈ অধিক। বিশ্ব স্বাস্থ্য সংস্থায়াে সেয়েহে নিপাহৰ সম্ভাব্য সংক্ৰমণৰ সন্দৰ্ভত বিশ্ববাসীক অধিক সতর্কতা অৱলম্বন কৰিবলৈ পৰামর্শ দিছে।

১৯৯৯ত মালয়েছিয়াত আঠমাহত ২৬৫ জন লােক নিপাহত আক্ৰান্ত হৈছিল। আৰু এইসকল লােকৰ ১০৫ জনৰ মৃত্যু হৈছিল। এই ভাইৰাছৰ সংক্রমণ ইমানে ভয়াৱহ যে আক্রান্ত ব্যক্তিৰ ২৪ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত মৃত্যু হােৱাৰ শংকা থাকে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ভাৰত, বাংলাদেশ, কম্বােডিয়া, ঘানা, ইন্দোনেছিয়া, মেডাগাস্কাৰ, ফিলিপাইনছ, থাইলেণ্ডৰ দৰে দেশত নিপাহ ভাইৰাছৰ সংক্ৰমণৰ যথেষ্ট আশংকা আছে।

Exit mobile version