Elon Musk : ২১৪ বিলিয়ন ডলাৰৰ সম্পত্তিৰ গৰাকী হ’ল এলন মাস্ক, ১৯৭ বিলিয়ন ডলাৰৰে দ্বিতীয় স্থানত বেজছ

GettyImages 1215628293

বৈদ্যুতিক ‌গাড়ী নিৰ্মাতা কোম্পানী টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে সম্পত্তি আহৰণৰ প্ৰতিযোগিতাত এমেজনৰ প্ৰতিষ্ঠাপক জেফ বেজছতকৈ যথেষ্ট আগুৱাই গ’ল । ফ’ৰ্বছৰ শেহতীয়া ধনাঢ্য ব্যক্তিৰ তালিকাত ২১৪ বিলিয়ন ডলাৰৰ সম্পত্তিৰে শীৰ্ষস্থান দখল কৰিলে টেছলাৰ স্বত্বাধিকাৰী ভাস্কৰে ।

আনহাতে, বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত দ্বিতীয় স্থান লাভ কৰা এমেজনৰ প্ৰতিষ্ঠাপক বেজছৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৯৭ বিলিয়ন ডলাৰ । বেজছতকৈ ১৭ বিলিয়ন ডলাৰৰ অধিক সম্পত্তি আহৰণৰে মাস্কে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ এই তালিকাত নিজৰ স্থান যথেষ্ট শক্তিশালী কৰিবলৈ সফল হ’ল ।

চলিত বৰ্ষত মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬৬.৫ বিলিয়ন ডলাৰ বৃদ্ধি পালে । যোৱা শুকুৰবাৰে টেছলাৰ শ্বেয়াৰৰ মূল্য বিগত আঠমাহৰ পাছত সৰ্বোচ্চ স্তৰত উপনীত হৈছিল ।

Exit mobile version