Food Oil : খোৱা তেলৰ মূল্য নিয়ন্ত্ৰণৰ দায়িত্ব ৰাজ্যক

চৰকাৰক অস্তিত্বহীন কৰি বজাৰত লাগিছে জুই

1511012328 1605

মূল্যবৃদ্ধিৰ জুয়ে গ্ৰাস কৰিছে সমগ্ৰ দেশক । চৰকাৰৰ অস্তিত্বৰ প্ৰতিয়েই প্ৰশ্নচিহ্নৰ উদ্ৰেক কৰি প্ৰতিদিনে বৃদ্ধি হৈছে ইবিধৰ পাছত সিবিধ সামগ্ৰীৰ মূল্য । আনকি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য‌ও ক্ৰমে সৰ্বসাধাৰণে ঢুকি নোপোৱা পৰ্যায়লৈ গতি কৰিছে । ইয়াৰ প্ৰভাৱ পৰিছে বজাৰৰ ওপৰত । গোটেই বজাৰ ব্যৱস্থাটো নিয়ন্ত্ৰণহীন হৈ পৰাৰ ফলত শ’লঠেকত পৰিছে কেন্দ্ৰীয় চৰকাৰ । সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠনৰ পাছত পৰিস্থিতি ওলোটাহে হোৱাত চৌদিশৰ পৰা তীব্ৰ গৰিহণাৰ সন্মুখীন হোৱা কেন্দ্ৰীয় চৰকাৰে সেয়েহে ৰাজ্যবোৰক মূল্য নিয়ন্ত্ৰণৰ বাবে হেঁচা দি আত্মৰক্ষাৰ কৌশল লৈছে । তাৰে অংশৰূপে যোৱা ১৩ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে সকলো সকলো ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা এখন জৰুৰী পত্ৰৰ জৰিয়তে খোৱা তেলৰ মূল্য হ্ৰাস কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

পত্ৰত উল্লেখ কৰা হৈছে যে চৰকাৰে অহা ২২ মাৰ্চলৈ খোৱা তেলৰ আমদানি শুল্ক হ্ৰাস কৰিছে । গতিকে মূল্য হ্ৰাস কৰাটো ৰাজ্য চৰকাৰে নিশ্চিত কৰিব লাগে । ক’লা বজাৰ, অবৈধ মজুত কোনো ব্যৱসায়ীয়ে যাতে কৰিব নোৱাৰে তাকো একে সময়তে ৰাজ্য চৰকাৰে নিশ্চিত কৰিব লাগিব বুলি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবোৰক সতর্ক কৰি দিছে ।

উল্লেখ্য যে অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰ ভিতৰত সকলো প্ৰকাৰৰ খোৱা তেলৰ মূল্য মাত্ৰ কেইদিনমানৰ ভিতৰতে সমগ্ৰ ভাৰতত অভাৱনীয়ভাৱে বৃদ্ধি হৈছে । অসমতে মাত্ৰ দুমাহৰ ভিতৰত প্ৰতি লিটাৰ খোৱা তেলৰ মূল্য ১৮০-১৮৫ টকাৰ পৰা ২৩৫ টকা পৰ্যন্ত বৃদ্ধি হৈছে । সকলো লোককে খোৱা তেলৰ প্ৰয়োজন । সেয়েহে মূল্যৰ পৰিমাণে টিঙত উঠা স্বত্ত্বেও মানুহে তেল কিনি থাকিবলৈ বাধ্য হৈছে । অৱশ্যে বেছিভাগ গ্ৰাহকে ই পূৰ্বতকৈ কম পৰিমাণত তেল ক্ৰয় কৰিছে । গ্ৰাহকৰ এনে দুৰ্বলতাৰ সুযোগ লৈছে বৃহৎ ব্যৱসায়ীয়ে ।

ইপিনে, দ্ৰুতগতিত বৃদ্ধি হৈছে পিঁয়াজৰ মূল্য‌ও । পৰিস্থিতিৰ সুযোগ লৈ অসাধু ব্যৱসায়ীসকলে গ্ৰাহকক মাধমাৰ দিছে । অৱশ্যে মূল্যবৃদ্ধিৰ এশ এটা অজুহাত তেওঁলোকৰ কণ্ঠস্থ । তেনে এচাম ব্যৱসায়ীয়ে দাবী কৰা অনুসৰি চাহিদাৰ বিপৰীতে যোগান হ্ৰাসৰ প্ৰভাৱ পিঁয়াজৰ বজাৰত পৰিছে । লগতে অন্যান্য সামগ্ৰীৰ উপৰি পিঁয়াজৰ পৰিবহণতো ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে । মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা অসমসহ দেশৰ আন আন ৰাজ্যলৈ পিঁয়াজ সৰবৰাহ হয় ।

ইতিমধ্যে মহাৰাষ্ট্ৰত প্ৰতি লিটাৰ ডিজেলৰ মূল্য এশ টকাৰ অধিক হৈছে । ডিজেলৰ এই মূল্যবৃদ্ধিৰ প্ৰভাৱ সমগ্ৰ পৰিবহণ ব্যৱস্থাত পৰিছে । প্ৰসংগক্ৰমে এছিয়াৰ সৰ্ববৃহৎ খাদ্য সামগ্ৰীৰ পাইকাৰী বজাৰ দিল্লীৰ আজাদপুৰ মাণ্ডিৰ ব্যৱসায়ীসকলে স্পষ্ট কৰি দিছে যে বজাৰলৈ দুই-আঢ়ৈমাহ পাছতে নতুন পিঁয়াজ আহিব । যদিও পূৰ্বৰ দৰে এইবাৰ হ্ৰাস হোৱাৰ সম্ভাৱনা নাই । কাৰণ ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত পৰিবহণ ব্যয় যথেষ্ট বৃদ্ধি হৈছে । এই ব্যয় বৃদ্ধিৰ ফলতে পিঁয়াজসহ বেছিভাগ সামগ্ৰীৰ মূল্য দুগুণলৈ বাঢ়িছে ।

ফাঁচীবজাৰৰ কে’বাজনো পিঁয়াজৰ বৃহৎ ব্যৱসায়ীয়েও ‘দৈনিক অগ্ৰদূত’ৰ আগত একে মন্তব্য কৰে । আজিৰ দিনটোত প্ৰতি ৫০ কিলোগ্ৰাম পিঁয়াজৰ বস্তাৰ মূল্য হ’ল ৪২শ টকা । গতিকে খুচুৰা বজাৰত সেই প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ মূল্য ন্যূনতম ৪৫-৪৮ টকা হ’ব বুলি মহানগৰীৰ বেহাৰবাৰীৰ ব্যৱসায়ী সঞ্জীৱ ডেকাই কয় । কাৰণ পাইকাৰীভাৱে ক্ৰয় কৰা বস্তাত যথেষ্ট বেয়া পিঁয়াজ ওলায় । তেনে ক্ষেত্ৰত পাইকাৰী ব্যয়ৰ জোৰা মাৰিবলৈ খুচুৰা ব্যৱসায়ীয়ে বজাৰৰ দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰি খুচুৰা মূল্য বঢ়াবলৈ বাধ্য হয় । পি‌ঁয়াজৰ মূল্য আগন্তুক দিনকেইটাত অধিক বৃদ্ধি হোৱা নিশ্চিত বুলি এই প্ৰসংগতে ফাঁচী বজাৰৰ নাম প্ৰকাশত অনিচ্ছুক পাইকাৰী ব্যৱসায়ীৰ সূত্ৰ‌ই দাবী কৰে । এইদৰে প্ৰতিদিনে গ্ৰাহকৰ ওপৰত মাধমাৰ সোধোৱা হৈছে বিভিন্ন কৌশলেৰে ।

Exit mobile version