Jacqueline Fernandez : ই ডিৰ জেৰাত তৃতীয়বাৰলৈ অনুপস্থিত জেকুলিন

11

দুশ কোটিটকীয়া বিত্তীয় কেলেংকাৰিৰ গােচৰত প্ৰৱর্তক সঞ্চালকালয় (ই ডি)ৰ চমনৰ পাছতাে জেৰাত উপস্থিত নহ’ল বলিউড অভিনেত্রী জেকুলিন ফার্ণাণ্ডেজ।

উল্লেখ্য যে অভিনেত্রীগৰাকীয়ে তৃতীয়বাৰৰ বাবে ই ডিৰ জেৰাত উপস্থিত নহ’ল। সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে দুশ কোটি টকাৰ অবৈধ ধন সৰবৰাহৰ অভিযােগ উত্থাপিত হৈছিল আৰু এই গােচৰতে ই ডিয়ে জেৰাৰ বাবে জেকুলিনক চমন দিছিল।

কিন্তু অভিনেত্রীগৰাকীয়ে সোমবাৰে ই ডিৰ জেৰাত উপস্থিত নহ’ল। জেকুলিনৰ অধিবক্তাই প্রকাশ কৰা অনুসৰি, অভিনেত্রীগৰাকীয়ে ছবিৰ কামত ব্যস্ত থকা হেতুকে আজি ই ডিৰ সােধাৰপাছত অংশ ল’ব নােৱাৰিলে।

ইয়াৰ পূর্বে যােৱা আগষ্টত ৩৬ বছৰীয়া অভিনেত্রীগৰাকীয়ে এবাৰ ই ডিৰ জেৰাৰ সন্মুখীন হৈছিল।

Exit mobile version