এপৰ পাছত এইবাৰ চীনা ম’বাইলৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে ল’ব সিদ্ধান্ত

smartphones

২০২০ বৰ্ষত কেন্দ্রীয় চৰকাৰে পাবজি আৰু টিকটকসহ প্রায় ২৫০টা চীনা এপ ভাৰতত নিষিদ্ধ কৰিছিল। এই ঘটনাৰ এবছৰৰ পাছত এইবাৰ ভাৰত চৰকাৰে চীনত তৈয়াৰী স্মার্টফোনৰ বিৰুদ্ধে পদক্ষেপ গ্রহণৰ সম্ভাৱনা প্ৰকট হৈছে।

এক প্রতিবেদনৰ তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে ভাৰতত মুকলি কৰা সকলাে চীনা স্মার্টফোনৰ সন্দৰ্ভত অনুসন্ধান চলাব পাৰে। এই অনুসন্ধানৰ জৰিয়তে চৰকাৰে উক্ত চীনা ফোনত পূর্বৰে পৰা ইনষ্টল কৰা এপৰ জৰিয়তে ল গুপ্তচৰগিৰি কৰা হৈছে নেকি, সেই বিষয়ৰ তথ্যপাতি আহৰণ কৰিব।

তদুপৰি চীনা ম’বাইল ফোনত ব্যৱহাৰ কৰা বিভিন্ন পার্টছৰ বিষয়টো কেন্দ্রীয় চৰকাৰে প্রয়ােজনীয় তদন্ত চলাব পাৰে। ইকনমিক টাইমছ’ৰ বাতৰি অনুসৰি, চীনা এপ ভাৰতত নিষিদ্ধ কৰাৰ পাছত কেন্দ্রীয় চৰকাৰে এইবাৰ ভাৰতৰ বজাৰত উপলব্ধ হােৱা বিভিন্ন চীনা ব্ৰেণ্ডৰ ম’বাইল ফোনৰ নিৰাপত্তাৰ সন্দৰ্ভত প্রয়ােজনীয় তথ্যপাতি আহৰণ কৰিবলৈ প্রস্তুতি চলাইছে।

উল্লেখ্য যে ভাৰতৰ স্মার্টফোনৰ বজাৰখনৰ ৫০ শতাংশই ভিভ’, অল্প’, জাউমি, ৱান প্লাছৰ দৰে চীনা ব্ৰেণ্ডৰ দখলত আছে। কেন্দ্রীয় চৰকাৰে চীনা ব্ৰেণ্ডৰ ম’বাইল ফোনৰ তথ্যপাতি আহৰণৰ বাবে নতুন নির্দেশনা জাৰি কৰিলে এইসমূহ চীনা কোম্পানীয়ে চৰকাৰক প্রয়ােজনীয় তথ্যপাতি যােগান ধৰিব লাগিব।

উল্লেখ্য যে একাংশ মবাইল কোম্পানীয়ে স্মার্টফোনত বিভিন্ন এপৰ মাধ্যমৰে ব্যৱহাৰকাৰীৰ গােপনীয় তথ্য আহৰণ কৰাৰ অভিযােগ উত্থাপিত হৈ আহিছে। এনে অভিযােগৰ প্রতি লক্ষ্য ৰাখিয়ে কেন্দ্রীয় চৰকাৰে এইবাৰ চীনা স্মার্টফোনৰ বিৰুদ্ধে নতুন নিয়ম-নীতি বলৱৎ কৰাৰ চিন্তা-চৰ্চা কৰিছে।

Exit mobile version