দেশত চিগাৰেট-বিড়িসহ ধপাত সামগ্ৰীৰ মূল্যবৃদ্ধি পাব

frai urges pm modi to order recall of proposed changes in law on cigarettes other tobacco products

ধপাত জাতীয় সামগ্রী বাবে কৰ নীতি তৈয়াৰ কৰিবলৈ বিশেষজ্ঞৰ এটি দল গঠন কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে। এই দলটোৱে ধপাত জাতীয় সামগ্ৰীৰ ওপৰত বর্ধিত কৰৰ হাৰ কিমান নির্ধাৰণ কৰা হ’ব সেই বিষয়ত কেন্দ্রীয় চৰকাৰক পৰামর্শ দিব।

ADVERTISEMENT

ফলত দেশত চিগাৰেট, বিড়িসহ অন্যান্য ধপাত জাতীয় সামগ্ৰীৰ অধিক মূল্যবৃদ্ধি এক প্ৰকাৰ নিশ্চিত হ’ল। অৱশ্যে এই বিশেষজ্ঞ দলৰ পৰামর্শ অনুসৰি অহা বছৰৰ বাজেটত ধপাত জাতীয় সামগ্ৰীৰ বাবে কেন্দ্রীয় চৰকাৰে নতুন কৰ নীতি ঘােষণা কৰিব।

ধপাত জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জৰিয়তে ইয়াৰ ব্যৱহাৰ আৰু প্ৰচলন হ্রাস কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে।

উল্লেখ্য যে এই মুহূর্তত চাধাপাতৰ বাহিৰে আন সকলাে ধপাত জাতীয় সামগ্রীত ২৮ শতাংশ জি এছ টি আৰােপ কৰা হৈছে। তদুপৰি অন্যান্য উপকৰাে এনেবােৰ ধপাত জাতীয় সামগ্রীত আৰােপ কৰা হয়।

এই মুহূর্তত ভাৰতত চিগাৰেটত সর্বাধিক ৫২.৭ শতাংশ, বিড়িত ২২ শতাংশ আৰু ধোঁৱাবিহীন ধপাত সামগ্রী ৬৩.৮ শতাংশ কৰ আৰােপ কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামর্শ অনুসৰি,সকলাে ধৰণৰ ধপাত জাতীয় সামগ্রীত কমেও ৭৫ শতাংশ কৰ আৰােপ কৰা উচিত।

Exit mobile version