ভাৰতত বেংকত ৭৫ শতাংশ লেনদেন সম্পন্ন ম’বাইলৰে : এ টি এমৰ ব্যৱহাৰ পাঁচগুণ হ্রাস

mobile banking apps authentication

ভাৰতত বেংকৰ লেনদেনৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন দৃষ্টিগােচৰ হৈছে। ইণ্টাৰনেটৰ ব্যাপক ব্যৱহাৰৰ ফলত এতিয়া দেশৰ বেংকিং খণ্ডৰ লেনদেনৰ পদ্ধতিও সলনি হ’বলৈ ধৰিছে।

ধন উলিয়াবলৈ এ টি এম ব্যৱহাৰ কৰা ঘটনাও সম্প্রতি যথেষ্ট হ্রাস পাইছে। একে সময়তে ভাৰতত ম’বাইল বেংকিং আৰু ম’বাইল ৱালেটৰ জৰিয়তে বিত্তীয় লেনদেন যথেষ্ট বৃদ্ধি পাইছে।

বিগত সাত বছৰত ম’বাইল বেংকিং দেশত সর্বাধিক জনপ্রিয়তাৰ শিখৰত আৰােহণ কৰিলে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰিসংখ্যা অনুসৰি, চলিত বৰ্ষৰ মার্চৰ অন্তলৈকে বেংকৰ একাউন্ট ধাৰকসকলৰ মুঠ লেনদেনৰ সর্বাধিক ৬৫.৮ শতাংশ লেনদেন ম’বাইল বেংকিঙৰ জৰিয়তে সম্পন্ন হৈছিল।

এই সময়ছােৱাত এ টি এমৰ জৰিয়তে মাত্র ১৫.৯ শতাংশ লেনদেন সম্পন্ন হৈছিল। আনহাতে, ১০.৪ শতাংশ লেনদেনৰ জৰিয়তে ম’বাইল ৱালেট তৃতীয় স্থানত আছে।

লেনদেনৰ ক্ষেত্ৰত পি অ’ এছ। ব্যৱস্থা আঠ শতাংশ ব্যৱহাৰ কৰা হৈছে। ২০১৪ৰ তুলনাত সম্প্রতি দেশৰ বেংকিং লেনদেনৰ দৃশ্যপট সম্পূর্ণ সলনি হৈছে।

২০১৪ত প্রতি পাঁচ লেনদেনৰ ক্ষেত্ৰত চাৰিটা লেনদেন এ টি এম জৰিয়তে বেংকত সম্পন্ন হৈছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰিসংখ্যা অনুসৰি দেশত সর্বাধিক ৮২.১ শতাংশ বিত্তীয় লেনদেন সম্পন্ন হৈছিল এ টি এমৰ মাধ্যমৰে। কিন্তু সম্প্রতি লেনদেনৰ ক্ষেত্ৰত সর্বাধিক জনপ্রিয় হৈছে ম’বাইল বেংকিং সেৱা।

যােৱা মার্চলৈকে দেশত ৭১ শতাংশ বিত্তীয় লেনদেন বেংকত ম’বাইল বেংকিঙৰ জৰিয়তে সম্পন্ন হৈছিল। আনহাতে, ২২.৬ শতাংশ লেনদেন এ টি এমৰ আৰু ৫.২ শতাংশ লেনদেন পি অ’ এছ। ব্যৱস্থাৰে সম্পন্ন হৈছিল। ম’বাইল ৱালেটৰে বেংকত সম্পন্ন হৈছিল ১.২ শতাংশ লেনদেন।

Exit mobile version