DA : কেন্দ্রীয় কর্মচাৰীৰ বাবে তিনি শতাংশ মহার্ঘ্য ত্ৰাণ বৃদ্ধি অনুমোদন কৰিলে কেন্দ্ৰই

hd824m9o money generic rupees

উৎসৱৰ বতৰত কেন্দ্রীয় চৰকাৰী কর্মচাৰী আৰু পেনছন লাভ কৰা সকলৰ বাবে সুখবৰ । তিনি শতাংশ মহার্ঘ ত্ৰাণ ঘোষণা কৰিলে কেন্দ্র‌ই । একেই হাৰ মহার্ঘ ত্ৰাণ লাভ কৰিব পেনছনভোগীসকলেও । বৃহস্পতিবাৰে কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত এই বিষয়ত ছিলমোহৰ পৰে । চৰকাৰী সূত্রে খবৰ, চলিত বৰ্ষৰ এক জুলাইৰ পৰা নতুন মহার্ঘ ত্ৰাণ কার্যকৰী হ’ব । ফলত উৎসৱৰ বতৰত উপকৃত হ’ব দেশৰ লাখ লাখ চৰকাৰী কর্মচাৰী আৰু পেনছনভোগীসকল ।

কৰ’নাৰ ফলত ৰাজহ সংগ্রহত নাটনিৰ বাবে ২০২০ ৰ পৰা কেন্দ্রীয় চৰকাৰী কর্মচাৰী আৰু পেনছনভোগীসকলৰ ডিএ বন্ধ হৈ আছিল । সপ্তম বেতন কমিচনৰ আবেদন অনুযায়ী, প্রতি বছৰে দুবাৰ কর্মচাৰীসকলৰ মহার্ঘ ত্ৰাণ দিব লাগে । জুলাইৰ পৰা পুনৰ বন্ধ হৈ থকা মহার্ঘ ত্ৰাণ আৰম্ভ হোৱাৰ খবৰে আনন্দিত কৰিছে কেন্দ্রীয় চৰকাৰী কৰ্মচাৰীসকলক । একেই পৰিমাণৰ মহার্ঘ ত্ৰাণ লাভ কৰিব অৱসৰপ্রাপ্ত কর্মচাৰীসকলেও ।

সপ্তম বেতন কমিচনেৰ আবেদন অনুযায়ী, বিগত দিনত কেন্দ্রীয় চৰকাৰী কর্মচাৰীসকলৰ মহার্ঘ ত্ৰাণ বৃদ্ধি কৰি ২৮ শতাংশ কৰা হৈছিল । নতুন ঘোষণা অনুযায়ী, আৰু তিনি শতাংশ বৃদ্ধি হ’লে কেন্দ্রীয় চৰকাৰী কর্মচাৰীসকলৰ মহার্ঘ ত্ৰাণৰ পৰিমাণ মূল বেতনৰ ৩১ শতাংশ হ’ব ।

Exit mobile version