আমিৰ খানৰ এটা বিজ্ঞাপনক লৈ আপত্তি দৰ্শাই সংস্থাক পত্ৰ প্ৰেৰণ বিজেপি সাংসদৰ । অভিযোগ, হিন্দু ভাবাবেগত আঘাতৰ ।
সম্প্রতি এটা টায়াৰ প্রস্তুতকাৰী সংস্থাৰ বিজ্ঞাপনত দেখা যায়, আমিৰ খানে ৰাস্তাত আতিচবাজী কৰা নিষিদ্ধ কৰিছে । কর্নাটকৰ উত্তৰ কন্নড়ৰ বিজেপি সাংসদ অনন্তকুমাৰ হেগড়েৰ দাবী, ‘‘আমিৰে যিদৰে ৰাস্তাত আতচবাজী কৰা নিষিদ্ধ কৰিছে, ঠিক তেনেদৰে নমাজৰ নামত পথ বন্ধ কৰি ৰখা আৰু মছজিদৰ মাইকৰ পৰা আজানৰ ধ্বনিক লৈও মাত মতা উচিত ।’’
বিগত ১৪ অক্টোবৰত, টায়াৰ প্রস্তুতকাৰী সংস্থাৰ এজন কৰ্মচাৰীলৈ লিখা পত্ৰত বিজেপি সাংসদে লিখিছে, ‘বিজ্ঞাপনত যি বার্তা দিয়া হৈছে, সেই বাৰ্তাই হিন্দুসকলৰ মাজত অশান্তিৰ সৃষ্টি কৰিছে ।’ পত্ৰত তেওঁ আশা প্রকাশ কৰিছে যে, ভৱিষ্যতে সংস্থাটোৱে হিন্দু ভাবাবেগৰ প্রতি সন্মান দেখাব ।
পত্ৰত বিজেপি সাংসদে লিখেছে, ‘আপোনাৰ সংস্থাৰ সাম্প্রতিক বিজ্ঞাপন, য’ত আমিৰ খানে সাধাৰণ মানুহক পথত আতচবাজী নকৰিবলৈ পৰামর্শ দিছে, সেয়া অত্যন্ত প্রশংসনীয় । এই প্রসংগত মই আন এটা সমস্যাত আপোনালোকৰ দৃষ্টি আকর্ষণ কৰিব বিচাৰো য’ত প্রতি শুকুৰবাৰে নমাজৰ নামত আৰু অন্যান্য উৎসৱৰ নামত পথ বন্ধ কৰি ৰাখে মুছলিম সম্প্রদায়ৰ মানুহে । নমাজৰ সময়ত যেতিয়া ৰাস্তা বন্ধ কৰি ৰখা হয়, তেতিয়া এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৱদ্ধ হৈ পৰে । ট্রাফিক সমস্যাৰ ফলত বৃহৎ ক্ষতি হোৱাৰ শংকা থাকে । মছজিদৰ আজানৰ ধ্বনিয়ে সকলো সময়তে অনুমোদিত মাত্রা পাৰ কৰি যায় ।’
লগতে পত্ৰত বিজেপি সাংসদৰ সংযোজন, ‘হিন্দুসকলৰ প্রতি যুগ যুগ ধৰি যি বঞ্চনা কৰা হৈছে, মই নিশ্চিত, এজন হিন্দু হিচাপে সেয়া আপুনিও অনুভৱ কৰিব পাৰিছে । বর্তমানৰ হিন্দু বিৰোধী অভিনেতাসকলৰ গোষ্ঠীয়ে সর্বদা হিন্দুসকলৰ ভাবাবেগত আঘাত হানিবলৈ তৎপৰ । কিন্তু কেতিয়াও তেঁওলোকৰ সম্প্রদায়ল ভুলক লৈ তেওঁলোকক সৰৱ হোৱা দেখা নাযায় ।’
কিছুদিন পূৰ্বে এটা পোছাক প্রস্তুতকাৰী সংস্থাই বিজ্ঞাপনত উর্দু ভাষা ব্যৱহাৰৰ বাবে বিজেপি-ৰ ৰোষত পৰিছিল । বিজেপি সাংসদৰ আপত্তিত শেষ পর্যন্ত বিজ্ঞাপনটো উঠাই ল’বলৈ বাধ্য হয় সংস্থাটো । ইয়াৰ পাছতেই আন এটা বিজ্ঞাপনে ধর্মীয় ভাবাবেগত আঘাতৰ অভিযোগ বিজেপি-ৰ ।