Health Tips : শোৱাৰ আগতে পানী খাই নেকি ? এই অভ্যাসে বিপদ মাতি আনিব পাৰে…

gusbftp drinking

পর্যাপ্ত পৰিমাণে পানী খুওৱাই বহু সমস্যা কমাব পাৰে । সেয়ে চিকিৎসকসকলে পৰামর্শ দিয়ে, গোটেই দিনটোত অন্ততঃ তিনিৰ পৰা চাৰি লিটাৰ পানী খুওৱাৰ । নিয়ম মতে পানী খালেও, অৱশ্যে বিশেষ কিছু সময়ত পানী খুওৱা মুঠেই উচিত নহয় । ইয়াৰ ফলত লাভতকৈ ক্ষতিহে বেছি হয় ।

কোন কোন সময়ত পানী খাব নালাগে ? গধুৰ ব্যায়ামৰ পাছত বা খাদ্য খাই থকাৰ সময়ত পানী খাব নালাগে । এই কথা বহুতেই জানে । কিন্তু শোৱাৰ আগতেও যে পানী খাব নালাগে, এই কথা বহুতেই নাজানে । বিছানাত উঠাৰ আগতে বহুতেই খাই লয় । এই অভ্যাস একেবাৰে ভাল নহয় ।

কি কি সমস্যা হ’ব পাৰে ইয়াৰ ফলত ?

● শোৱাৰ সময়ত কিড্‌নীয়ে লাহেকৈ কাম কৰে । এই সময়ত অধিক পৰিমাণে পানী খালে কিড্‌নীৰ ওপৰত চাপ পৰে । এই অভ্যাসৰ ফলত ভৱিষ্যতে কিড্‌নীৰ সমস্যাই দেখা দিব পাৰে ।
●শোৱাৰ আগতে অধিক পৰিমাণে পানী খালে প্রচুৰ মূত্র সৃষ্টি হয় । ই শোৱাত ব্যাঘাত ঘটায় । ফলত যিমান বিশ্রামৰ প্ৰয়োজন আছিল, সিমান সম্পূৰ্ণ নহয় ।
● টোপনি ব্যাঘাত হোৱা, টোপনি ভাঙি যোৱা আৰু শৌচালয়ত যোৱাৰ বাবে উঠা — এইবোৰে হৃদ্‌যন্ত্রৰ গতি বৃদ্ধি কৰিব পাৰে । ফলত ৰক্তচাপ বাঢ়িব পাৰে । তদুপৰি হৃদৰোগৰ শংকাও বাঢ়িব পাৰে ।
● শোৱাৰ আগতে প্রচুৰ পানী খালে বহুতৰে হাত-ভৰি-মুখ ফুলি যায় ।

এইবোৰ কাৰণতে চিকিৎসকসকলে কয়, শোবলৈ যোৱাৰ অন্ততঃ এঘণ্টা আগতে পানী খাই ল’ব লাগে । তাৰ পাছত শৌচালয়ৰ কাম সম্পূৰ্ণ কৰি শোব লাগে ।

Exit mobile version