IS and Al Qaeda : সামাজিক মাধ্যম ব্যৱহাৰ কৰি ভয়ংকৰ হৈ উঠিছে আইএছ-আল কায়দা, সকীয়নি দিলে এফএটিএফ-এ

1407266657000 ISIS

সামাজিক মাধ্যমত নিজৰ উপস্থিতি বৃদ্ধি কৰি অর্থ সংগ্রহৰ পৰা আৰম্ভ কৰি সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্র পর্যন্ত কৰিছে আইএছ আৰু আল-কায়দা-ৰ দৰে আন্তর্জাতিক সন্ত্ৰাসবাদী সংগঠনবোৰে । সম্প্রতি এই সতৰ্কবাণী দিছে ফিনান্সিয়েল একছন টাস্ক ফ’র্চ বা এফএটিএফ-এ ।

সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদী সংগঠনবোৰৰ অর্থনৈতিক কার্যকলাপ আৰু বেআইনী অর্থ লগ্নিৰ গতিবিধি পৰ্যৱেক্ষণ কৰে আন্তঃচৰকাৰী সংগঠন এফএটিএফ-এ । সেই সংগঠনেই সম্প্রতি সকীয়নি দিছে বিশ্বৰ দেশবোৰক । এফএটিএফ-ৰ দাবী, ব্যাপকভাৱে সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰে আইএছ, আল-কায়দা-ৰ দৰে সন্ত্ৰাসবাদী সংগঠনবোৰে । বিপুল অর্থ সংগ্রহ কৰাৰ লগতে এই প্রযুক্তি ব্যৱহাৰ কৰি আক্ৰমণৰ পৰিকল্পনা, আক্ৰমণকাৰীৰ চিনাক্তকৰণ, গোটেইখিনিয়ে চলিছে ।

সম্প্রতি আফগানিস্তান, ইৰাকৰ লগতে আফ্রিকা আৰু দক্ষিণ এছিয়াৰ বিভিন্ন স্থানত ঘটি যোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্রবল উদ্বেগ প্রকাশ কৰিছে এফএটিএফ-এ । ইয়াৰ পাছতেই সংগঠনৰ ‘প্লেনাৰী’ বা বৈঠকত বিশেষ বিবৃতি জাৰি কৰি এই কথা জনাইছে তেওঁলোকে ।

সাধাৰণতে ‘প্লেনারৰী’ অধিবেশনক এফএটিএফ-ৰ নীতি নির্ধাৰক বৈঠক হিচাপে চিহ্নিত কৰা হয় । সেই ঘটনাতে প্রবল উদ্বেগ প্রকাশ কৰি তেওঁলোকে জনায়, বিশ্বৰ বিভিন্ন প্রান্তত সন্ত্ৰাসবাদী কার্যকলাপৰ শংকা অব্যাহত আছে । সাম্প্রতিক সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি বিশেষ বিবৃতিত এফএটিএফ-এ লিখিছে, ২০২০ৰ পৰা আইএছ আৰু আল-কায়দা, সামাজিক মাধ্যমত প্রচাৰৰ মাত্রা বহু পৰিমাণে বৃদ্ধি পাইছে । এই ক্ষেত্রত তেওঁলোকৰ উদ্দেশ্য খুব স্পষ্ট, একাধাৰে প্রচাৰ কৰি মানুহক উচতনি দি দলত অনা আৰু অর্থ সংগ্রহ । ফলত কট্টৰ মৌলবাদী ভাবনাত উদ্বুদ্ধ হৈ সন্ত্ৰাসবাদী কার্যকলাপত অংশ লোৱাৰ প্রৱণতা উল্লেখযোগ্য হাৰত বৃদ্ধি পাইছে ।

Exit mobile version