Punjab : অমৰিন্দৰৰ পাকিস্তানি বান্ধৱীৰ আইএছআই-ত যোগদান ! তদন্তৰ ঘোষণা পঞ্জাৱৰ গৃহমন্ত্রীক

Aroosa Alam Amarinder Singh 0

নৱজোৎ সিং সিধুৰ বিৰুদ্ধে ‘পাক যোগ’ লৈ একাধিকবাৰ অভিযোগ তুলিছে অমৰিন্দৰ সিঙে । এইবাৰ অমৰিন্দৰ সিঙৰ বিৰুদ্ধেই পাক গুপ্তচৰ সংস্থা আইএছআই-ৰ স’তে জড়িত হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্রেছে ।

পঞ্জাৱৰ গৃহমন্ত্রী সুখজেন্দৰ সিং ৰণধাৱাই শুকুৰবাৰে জনাইছে, অমৰিন্দৰৰ ঘনিষ্ঠ পাকিস্তানি সাংবাদিক আৰুশা আলমৰ স’তে আইএছআই-ৰ যোগাযোগ লৈ অভিযোগ উত্থাপন হৈছে । বিষয়টোক লৈ চৰকাৰী পর্যায়ত তদন্ত কৰা হ’ব । ৰণধাৱাই কয়, ‘‘অমৰিন্দৰ সিঙে নিজেই কৈছে, পঞ্জাৱৰ নিৰাপত্তাৰ পক্ষে আইএছআই বিপদ । সেয়ে আমি আৰুশাৰ স’তে আইএছআই-ৰ যোগাযোগ আছে নে নাই, সেই বিষয়েও তদন্ত কৰিম ।’’

বিগত চাৰে চাৰি বছৰ পঞ্জাৱৰ মুখ্যমন্ত্রী থকাকালীন অমৰিন্দৰে একাধিকবাৰ সীমান্ত পাৰ হৈ পাক গুপ্তচৰ সংস্থাৰ ড্র’ন সোমাইছে বুলি অভিযোগ উত্থাপন কৰিছিল বুলিও কয় পাক গৃহমন্ত্রীয়ে । উল্লেখ্য যে, চলতি সপ্তাহতেই অমৰিন্দৰে জনাইছে, কংগ্রেছ ত্যাগ কৰি নতুন দল গঠন কৰি ২০২২-ৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনত বিজেপিৰ স’তে তেওঁ জোঁট বান্ধিব বিচাাৰে । অমৰিন্দৰৰ এই প্রস্তাৱক স্বাগত জনাইছে বিজেপিয়ে ।

পাকিস্তানত প্রতিৰক্ষা সাংবাদিক হিচাপে আৰুশা পৰিচিত । তেঁওৰ মাতৃ প্রয়াত অখলিম আখতাৰ সত্তৰৰ দশকত পাক ৰাজনীতিত প্রভাৱশালী হিচাপে পৰিচিত হৈ উঠিছিল । তৎকালীন সেনাশাসক জেনেৰেল ইয়াহিয়া খানৰ স’তে ঘনিষ্ঠতাৰ সুবাদত অখলিমক ‘জেনেৰেল ৰাণী’ নামে মতা হৈছিল ।

সংবাদমাধ্যমত প্রকাশিত খবৰ, ২০০৪ত পাকিস্তান ভ্ৰমণৰ সময়ত অমৰিন্দৰৰ স’তে আৰুশাৰ পৰিচয় হৈছিল । ইয়াৰ পাছত নানা কাৰ্যসূচীত দুয়োজনক একলগে দেখা যায় । পঞ্জাৱৰ মুখ্যমন্ত্রী হিচাপে অমৰিন্দৰৰ শপত গ্রহণ অনুষ্ঠানত ভিভিআইপি অতিথিৰ আসনত আছিল আৰুশা । ৯০ৰ দশকত পাক নৌবাহিনীৰ আগষ্ট-৯০বি ছাবমেৰিন জাহাজ কিনাৰ দুর্নীতিৰ অভিযোগতো আৰুশাৰ নাম সাঙুৰ খাই পৰিছিল । সেই দুর্নীতি গোচৰত গ্রেপ্তাৰ কৰা হৈছিল পাক নৌবাহিনীৰ প্রধান এডমিৰেল মনসুৰুল হকক ।

Exit mobile version