Al-Qaeda : আমেৰিকাৰ ড্র’ন আক্ৰমণত ছিৰিয়াত নিহত আল কায়দা নেতা আব্দুল হামিদ

SYRIIA 2

ছিৰিয়াত আমেৰিকাৰ ড্র’ন আক্ৰমণত নিহত আল কায়দাৰ প্রথম শাৰীৰ নেতা আব্দুল হামিদ আল মাতৰ । শনিবাৰে পেন্টাগনৰ তৰফৰ পৰা এই দাবী কৰা হৈছে ।

কিছুদিন পূৰ্বে দক্ষিণ ছিৰিয়াত আমেৰিকা সেনাৰ এটা ঘাটিত আব্দুল হামিদৰ সহায়ত আক্ৰমণ কৰিছিল বুলি আমেৰিকা সেনাৰ দাবী । তাৰেই ‘প্ৰত্যুত্তৰ’ত উত্তৰ-পশ্চিম ছিৰিয়াত আল কায়দাৰ ঘাটিত ড্র’ন আক্ৰমণত হত্যা কৰা হৈছে এই আল কায়দা নেতাক । ছেপ্টেম্বৰত ছিৰিয়াত ড্র’ন আক্ৰমণত নিহত হৈছিল আন এক আল কায়দা নেতা ছেলিম আবু আহমেদ ।

আমেৰিকা সেনাৰ চেন্ট্রেল কমাণ্ডৰ মুখপাত্র মেজৰ জন ৰিগছবি লিখিত বিবৃতিতে কৈছে, ‘আব্দুল হামিদৰ দৰে প্রথম শাৰীৰ আল কায়দা নেতা নিহত হোৱাত আমেৰিকাৰ নাগৰিক, আমাৰ সহযোগী আৰু সাধাৰণ নাগৰিকসকলৰ ওপৰত প্রাণঘাতী আক্ৰমণ চালোৱাৰ ক্ষমতা কমিব আল কায়দাৰ ।’

আল কায়দা প্রধান আয়মান আল জাৱাহিৰিৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত আছিল আব্দুল হামিদ । প্রসংত, ২০১৯ৰ অক্টোবৰতেই ছিৰিয়াত ইদলিব প্রদেশত আমেৰিকাৰ সেনা অভিযান নিহত হৈছিল ইছলামিক ষ্টেট (আইএছ) সন্ত্ৰাসবাদী গোষ্ঠীৰ প্রধান নেতা আবু বকৰ আল-বাগদাদি । পাছত আব্দুল হামিদৰ মৃত্যু পেন্টাগনৰ বাবে ‘বৃহৎ সাফল্য’ বুলি ধাৰণা কৰা হৈছে ।

Exit mobile version