Weight Loss and Coffee : কফি খাই ওজন কমাব বিচাৰিছে ? কেনেদৰে বনাব এই পানীয়

2crujfh8 black

ওজন কমাব বিচাৰিছে । ব্যায়াম কৰি, খাদ্য নিয়ন্ত্রণ কৰি বহু দিন কটাইছে । এইবাৰ অন্য পদ্ধতি অৱলম্বন কৰি চাব নেকি ? ভৰসা ৰাখক কফিৰ ওপৰত । কিন্তু গোটেই দিন একে ধৰণৰে কফি খাইয়ো ভাল নালাগে । সেই বেলেগ বেলেগ ধৰণৰ কফি বনোৱা যাওক । বিভিন্ন সময়ত বেলেগ বেলেগ ধৰণৰ কফি খাই চাওক কিমান সোনকালে ওজন কমে ।

কেনেধৰণৰ কফি বনালে ওজন কমিব ?

দালচিনি দি কফি : দালচিনিত নানান ধৰণৰ এন্টি-অক্সিডেন্ট থাকে । কেফিনৰ স’তে সেইবোৰ এন্টি-অক্সিডেন্ট মিহলি কৰিলে ওজন কমাৰ প্রক্রিয়া আৰু দ্রুত হ’ব পাৰে । হজমো ভাল হয় । সেয়ে নিত্য ক’লা কফিতেই এচিকোত দালচিনি গুৰি মিহলি কৰি খাব পাৰে ।

ডার্ক চকলেট কফি : চকলেটৰ নাম শুনিয়ে অবাক হৈছে নিশ্চই ? চকলেটে ওজন বঢ়াই বুলিয়ে বহুতে জানে । কমাব কেনেদৰে ? কিন্তু ডার্ক চকলেটতো বিভিন্ন ধৰণৰ এন্টি-অক্সিডেন্ট থাকে । ইয়াৰ উপৰি প্রচুৰ পৰিমাণে ম’ন’চেচুৰেটেড ফেটি এচিড থাকে । এই দুই পদার্থ কফিৰ স’তে মিহলি কৰি খালে বিপাক হাৰ বাঢ়ে । চকলেটে ভোকৰ অনুভূতিও হ্ৰাস কৰে । ফলত শৰীৰত কম খাদ্যৰ প্ৰয়োজন হয় ।

নেমুৰ ৰস দিয়া কফি : নেমুৰ ৰসত থকা ভিটামিন চি আৰু চাইট্রিক এচিড কেফিনৰ স’তে মিহলি কৰিলে বিপাকৰ হাৰ বৃদ্ধি পায় । ইয়াৰ প্রভাৱত মেদো কমে । চেনী-গাখীৰ নোহোৱা একাপ ক’লা কফিত নেমুৰ ৰস মিহলি কৰিব । ইচ্ছা কৰিলে সামান্য দালচিনিও মিহলি কৰিব পাৰে । সদায় এই পানীয়টো খালে মেদ কমাৰ লগতে শৰীৰৰ প্রতিৰোধ ক্ষমতাও বাঢ়িব ।

Exit mobile version