কৃষি কাৰ্যৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰয়াস ধিঙৰ এদল যুৱকৰ

হাড়ভঙা পৰিশ্ৰমেৰে পতিত মাটিও শ্যামলী কৰিছে, আঠগাঁও চাপৰিৰ পতিত মাটিতে আশাবোৰে ঠণ ধৰি উঠিছে একুৰি নিবনুৱাৰ

IMG 20211023 130212

“মন কৰিলেই ছন, বাকৰি মাটিতেই ধন ।” তাহানিৰ এই আপ্তবাক্যশাৰীক আখৰে আখৰে সঁচাত পৰিণত কৰিছে নগাঁও জিলাৰ ধিঙৰ এদল কৰ্মঠ যুৱকে । শ শ বিঘা পতিত মাটিত হাড়ভঙা পৰিশ্ৰমেৰে বিভিন্ন খেতি কৰি চৰকাৰী চাকৰিয়েই যে জীৱন আৰু জীৱিকাৰ একমাত্ৰ সম্বল হ’ব নোৱাৰে তাকো প্ৰতিপন্ন কৰিছে যুৱকৰ দলটোৱে । কৰ্মঠ যুৱকৰ দলটোৱে ধিং চহৰৰ পাৰ্শ্বৱৰ্তী আঠগাঁও চাপৰি ৰিজাৰ্ভৰ পতিত মাটি চহাই তাত কৃষি কাৰ্যৰ জৰিয়তে এক সেউজ বিপ্লৱৰ সূচনা কৰিছে ।‌ সৌ সিদিনালৈকে অটব্য হাবি জংঘলে আগুৰি থকা পতিত মাটিক আজি দূৰ দিগন্তলৈকে সেউজীয়া কৰি তুলিছে । এশ বিঘা মাটিত তিলৰ খেতি কৰিছে । চকুৰে মনিব পৰালৈকে এতিয়া কেৱল তিল ফুল । কিয়নো তিল বিলাক এতিয়া ফুলা আৰম্ভ কৰিছে । ইয়াৰ লগে লগে আন এশ বিঘা মাটিটো যুৱকৰ দলটোৱে সৰিয়হ খেতি কৰাৰ যাৱতীয় সকলো প্ৰস্ততি সম্পূৰ্ণ কৰি তুলিছে ।

উল্লেখ্য যে, নগাঁও জিলাৰ ধিং চহৰৰ পাৰ্শ্বৱৰ্তী আঠগাঁও চাপৰি ৰিজাৰ্ভৰ ৫৫০বিঘা মাটিত তদানীন্তন অগপ চৰকাৰৰ আমোলত ১৮০কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল ধিং চেক ক্ৰাফট কাগজ প্ৰকল্পৰ । কিন্তু চৰকাৰৰ অকৰ্মন্যতা আৰু অদক্ষতাৰ বাবেই নিৰ্মাণৰত অৱস্থাতে বহু প্ৰত্যাশিত উদ্যোগটো বন্ধ হৈ পৰে । ১৯৯০ৰ জানুৱাৰীৰ পৰাই প্ৰকল্প ক্ষেত্ৰ গৰাকী বিসীন সম্পত্তিৰ দৰে পৰি আছিল ।‌ পতিত মাটিত পৰিণত হৈছিল মৃত উদ্যোগটোৰ শ শ বিঘা মাটি । সুদীৰ্ঘ ডেৰকুৰি বছৰ এনেয়ে অব্যৱহৃত অৱস্থাতে পৰি আছিল উদ্যোগটোৰ বিশাল ভূখণ্ড । কিন্তু বিগত ২০২০ত উদ্যোগ বিভাগৰ পৰা অনুমতি লৈ ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলা কিষাণ মৰ্চাৰ উদ্যোগত আৰু স্বাধীন কৃষক গোটৰ সহযোগত কলিয়াবৰ জিলা কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক মিণ্টু বৰাৰ নেতৃত্বত ধিঙৰ প্ৰায় একুৰি যুৱকৰ দল এটাই সেই পতিত মাটি ভাঙি তাত কৃষিকাৰ্য আৰম্ভ কৰে ।

অসমীয়া নিবনুৱা যুৱক কৃষি কাৰ্যৰ প্ৰতি আগ্ৰহী নহয় বুলি থকা বদনামক মিছাত পৰিণত কৰি হাড়ভঙা পৰিশ্ৰমেৰে আঠগাঁও চাপৰিৰ মৃত উদ্যোগটোৰ শতাধিক বিঘা মাটি শ্যামলী কৰি তোলে মিন্টু বৰা,‌ বিপ্লৱ ভৌমিক, বিদ্যুৎ বৰা (বিপ্লৱ), দীপক শইকীয়া, বুবুল বৰা, গজেন বৰা, প্ৰদীপ বৰা, হেমকান্ত বৰা, গুণ হাজৰিকা, পাপুল দাস, গোপাল দাস, খগেন দাস, বোধেন দাস, হৰ বৰা, দিব্যজ্যোতি দাস, ৰবীন বৰা, শৰৎ বৰা প্ৰমুখ্যে কৰ্মঠ যুৱকৰ দলটোৱে ।

এই কৃষি কাৰ্যৰ নেতৃত্ব বহন কৰা স্বাধীণ কৃষক গোটৰ সম্পাদক তথা বিজেপিৰ কলিয়াবৰ জিলা কৃষান মৰ্চাৰ সাধাৰণ সম্পাদক মিন্টু বৰাই “দৈনিক অগ্ৰদূত”ক কয়, “আমি উদ্যোগ বিভাগৰ পৰা যাৱতীয় অনুমতি লৈ মৃত অৱস্থাত থকা ধিং চেকক্ৰাফট্ কাগজ প্ৰকল্পৰ পতিত মাটি মোকলাই টেক্ট্ৰৰেৰে হাল মাৰি খেতি কৰিবলৈ আৰম্ভ কৰো ২০২০ৰ পৰা । বিজেপিৰ কলিয়াবৰ জিলা কিষান মৰ্চাৰ উদ্যোগত আৰু স্বাধীন কৃষক গোটৰ সহযোগত প্ৰায় একুৰি শিক্ষিত নিবনুৱা যুৱকে এই কৃষি কাৰ্যৰ স’তে জড়িত হৈ পৰে । সমগ্ৰ কৃষি কাৰ্যৰ নেতৃত্ব বহন কৰো মই । আমি শতাধিক বিঘা মাটিত খেতি কৰিছো । যোৱা বছৰ আমি ৭০বিঘা মাটিত সৰিয়হৰ খেতি কৰি যথেষ্ট পৰিমাণে লাভৱান হৈছিলো ।‌‌ এইবাৰ ৩০ বিঘা মাটিত মৰাপাট খেতি আৰু সম পৰিমাণৰ মাটিত বিভিন্ন পাচলি (বেঙেনা, জলকীয়া, জাতিলাও)ৰ খেতি কৰিছিলো ।মৰাপাট খেতিত লাভ হয় যদিও পাচলিৰ খেতিত লোকচান হয় । লকডাউনৰ বাবে বজাৰ বন্ধ থকাত আমি উৎপাদিত পাচলি বিক্ৰী কৰিব পৰা নাছিলো । ইয়াৰ মাজতো আমি এইবাৰ ৩০বিঘা মাটিত শালি ধানৰ কঠিয়া পেলাই তাক কৃষক ৰাইজৰ মাজত বিতৰণ কৰো ।”

স্বাধীণ কৃষক গোটৰ সম্পাদক বৰাই লগতে আৰু কয়, “এইবাৰ আমি কুৰি জনীয়া যুৱকৰ দলটোৱে এশ বিঘা মাটিত তিল খেতি কৰিছো । বৰ্তমান তিলগছবোৰ জকমকাই ফুলিছে । এই তিল খেতিৰ জৰিয়তে আমি লাভান্বিত হ’ম বুলি আশাবাদী ।” স্মৰ্তব্য যে, তিল খেতিৰ বাবে যুৱকৰ দলটোৱে এশ কেজি তিলৰ বীজ ক্ৰয় কৰিবলগীয়া হয় ।যাৰ মূল্য আছিল বজাৰত ১০ হেজাৰ টকা । তেওঁলোকক কৃষি বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ বীজ যোগান ধৰা নাছিল বুলিও বৰাই কয় ।

উল্লেখ্য যে, কৃষি কাৰ্যৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰা যুৱকসকলে এতিয়ালৈকে নগাঁও জিলা কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সহায়-সহযোগিতা লাভ কৰিবলৈ সক্ষম হোৱা নাই । আনকি তেওঁলোকৰ কৃষিকাৰ্য পৰিদৰ্শনৰ বাবেও কোনো এজন কৃষি বিষয়া, কৃষি কৰ্মী ইয়ালৈ অহা নাই ।

স্বাধীন কৃষক গোটৰ সম্পাদক বৰাই তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে কয়, “আমি সৰিয়হৰ খেতিৰ বাবেও মাটি চহ কৰি সাজু হৈ আছো । এশ বিঘা মাটিত সৰিয়হৰ খেতি কৰিম ।‌ এসপ্তাহৰ পাছত সৰিয়হৰ বীজ সিঁচা হ’ব । অৱশ্যে এই বীজ চৰকাৰৰ পৰা বিচৰা হৈছে ।”

অসমীয়া নিবনুৱা যুৱকে যে কাম নকৰে তেনে নহয় । সেই কথা প্ৰতীয়মান হৈছে ধিঙৰ আঠগাঁও চাপৰিৰ ৰিজাৰ্ভত । চৰকাৰৰ পৰা অলপ সহায় সহযোগিতা লাভ কৰিলে ধিঙৰ এই যুৱকসকলে যে ধিঙত এক সেউজ বিপ্লৱৰ সূচনা কৰিব সেইটো নিশ্চিত । অৱশ্যে ইয়াৰ বাবে তেওঁলোকক লাগিব আৰু অধিক শ্ৰম, সংগবদ্ধতা, বুজাপৰা আৰু চৰকাৰী সহযোগিতা ।

Exit mobile version