১৪ বছৰ পাছত মূল্যবৃদ্ধি দিয়াচলাইৰ

মাত্র চাৰিদিনৰ ব্যৱধানত পেট্রলত ১.৪৩ টকা, ডিজেলত ১.৪৮ টকা বৃদ্ধি

petrol pump 1592446015 1604116742

নিয়ন্ত্রণহীন মূল্যবৃদ্ধিৰ কৰাল গ্রাসত পৰিল জুইশলা বাকচো। সুদীর্ঘ ১৪ বছৰৰ মূৰত অহা পহিলা ডিচেম্বৰৰ পৰা প্ৰতিটো দিয়াচলাই বাকচৰ মূল্য দেশত দুগুণলৈ বৃদ্ধি পাব।

অর্থাৎ বর্তমানৰ এটকা মূল্যৰ প্ৰতিটো জুইশলা বাকচৰ মূল্য হ’ব দুটকা। দিয়াচলাই প্রস্তুত কৰা পাঁচটা বৃহৎ প্রতিষ্ঠানৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে।

শেষবাৰৰ বাবে ২০০৭ত প্ৰতিটো দিয়াচলাই ইপিনে, পেট্রল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ গতি হাে-হােৱাই বৃদ্ধি হৈছে। ইয়াৰ ফলত অসমতাে প্রতি লিটাৰ ডিজেলৰ মূল্যই শীঘ্ৰে শতকৰ ঘৰ স্পর্শ কৰাটো স্পষ্ট হৈছে।

দেওবাৰে ইণ্ডিয়ান অইলৰ প্রতিলিটাৰ ডিজেলৰ মূল্য হ’ল ৯৬.১৩ টকা। আনহাতে, পেট্র’লৰ মূল্য ১০৩.৫৯ টকা। মাত্র চাৰি দিনৰ ব্যৱধানত অর্থাৎ যােৱা ২০ অক্টোবৰৰ পৰা প্রতি লিটাৰ পেট্র’লৰ মূল্য ১-৪৩ টকা আৰু ডিজেলৰ ১.৪৮ টকা বৃদ্ধি হয়।

Exit mobile version